আজি জাগ্ৰত ভাৰত (পোহৰৰ গান)

ৱিকিউৎসৰ পৰা
আজি জাগ্ৰত ভাৰত
পোহৰৰ গানে গানে
জাগে জনতাৰ মহাপ্ৰাণ,
যুগ যুগ সঞ্চিত
স্বাধীনতাহীনৰ
জাগে জ্বালাময়ী অভিমান।
আজি যত ত্যাগীৰ
প্ৰদীপ্ত কপালৰ
অৰুণাৱলীয়ে হাঁহি
দলিতৰ ঘৰ পোহৰায়,
মহাপোহৰৰ বাটে
মোহন গান্ধী গ’ল
পৃথিৱীকে বাট দেখুৱায়।
ৰামধেনু বাটেৰে কোন যাবি, কোন যাবি
হ আগুৱান.......
জ্বলন্ত ফুটন্ত এই জ্যোতি - প্ৰপাতৰ
আলোক – ছন্দত ঝঙ্কৃত
বিশ্বৰ নৱতম সুৰ – লয় – তান
গা, গা, গা আজি ভাৰতৰ ঘৰে ঘৰে পোহৰৰ গান।