সমললৈ যাওক

আজি জনতাৰ নবীন চেতনা (জনচেতনা)

ৱিকিউৎসৰ পৰা
(আজি জনতাৰ নবীন চেতনাৰ পৰা পুনঃনিৰ্দেশিত)
আজি জনতাৰ নবীন চেতনা
পৃথিৱী বিয়পি জাগে,
সেই পোহৰত জগতৰ জনে
নতুন জীৱন মাগে।
সেই চেতনাৰ সংঘাত লাগি
ভাগিছে শতাব্দীৰ
দুষ্কৃতিৰ য’ত দুৰ্ভেদ্য প্ৰাচীৰ।
জন-চেতনাৰ
স্পৰ্শত জাগে
ব্যথা-বেদনাৰ গান,
জাগে দুৰ্জ্জেয় অজেয় শক্তি
সংস্কৃতিৰ সুমহান।
এই চেতনাত ফুলি উঠে আজি
জন-জীৱনৰ আশা,
মুখৰিত আজি....
প্ৰাণ সঞ্চাৰি ভাষা।
আজি চেতনাৰ জনতা মনত
নবীন অভ্যুদয়
সেই চেতনাৰ সংঘাতে আনে
জন-জীৱনৰ জয়।