আজি আমাৰ বিহু

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আজি আমাৰ বিহু

আজি মোৰ অসমৰ ঘৰে ঘৰে বিহু ।
প্ৰকৃতিত বসন্তৰ মাদকতা
ৰূপ ৰস গন্ধ মাধুৰীমাৰ প্ৰাচুৰ্য্য।
বিবসনা সৌন্দৰ্য্যত সৃষ্টিৰ আদিম কামুকতা ।
দলে দলে মানুহৰ ভীৰ !
জীৱনৰ সোঁতত বুৰি যেন মৃত্যুত আজি মৰি যাব ।
ঢোল খোল তাল টকা মৃদঙ্গ আৰু পেঁপাৰ ৰোল
নৃত্যৰত জীৱনৰ ধুনীয়া ভঙ্গিমা
মানুহৰ মিঠা মিঠা মাত
অন্তৰৰ অনাবিল উলাহৰ দীঘলীয়া উকি !
—মৃত্যুৰ অপৰিহাৰ্য ৰূপটোকো ৰূপান্তৰ কৰি দিয়া
মানুহৰ কি নিৰ্ভীক গৌৰৱ ।
বিহুৰ উল্লাসত আমি যেন অমৰৰ প্ৰতীক
মৰণৰ সিপাৰৰ পদধ্বনিৰ লগত
আমাৰ এই ফেৰা পতা সমতাল
পদাতিক সৈনিকৰ যেন
বুট ৰাইফল আৰু সঙ্গীনেৰে
মৃত্যুক বিচাৰি ফুৰা সংঘবদ্ধ বিজয় কুচ-কাৱাজ
জীৱনৰ ব্যস্ততাত আজি মৰণৰ অস্তিত্বও মিছা ।
যন্ত্ৰৰ যাতনাত
প্ৰাণ নাইকিয়া পৃথিৱীৰ ঘৰে ঘৰে আজি
কেৱল মৰি যোৱাৰ
কেৱল শেষ হৈ যোৱাৰ
আশঙ্কাতে কঁপা জীয়া মানুহৰ কঙ্কাল
আৰু এই আনন্দৰ আলিঙ্গন ।
ৰুটি আৰু ক্ষুধা ।
নিয়তিৰ পৰিহাস্য আৰু মানুহৰ কান্দোন
জীৱন আৰু মৰণৰ
অবিশ্ৰান্ত সংগ্ৰামৰ সৰ্ব্ব গ্ৰাসী বিকৃত তাড়না
আৰু আমাৰ এই
আনন্দ আহলাদৰ নৃত্য নিপুণতা
মোক লাগে এই আনন্দ ।
মোক লাগে এই গীতৰ সুৰে সুৰে
নাচোনৰ চেৱে চেৱে
এক হৈ যোৱা বিশ্ব জনতাৰ প্ৰাণৰ বান্ধনি !
মোক লাগে এই
জীয়া জীৱনৰ হাঁহি উলাহৰ বাহুৰ আলিঙ্গন
পৃথিৱীৰ অনৈক্যৰ বিৰূদ্ধে
বিংশ শতাব্দীৰ মানুহৰ
বিপুল ঐক্যৰ অৰ্থ পূৰ্ণ সমাগম ।
সভ্যতাৰ নতুন ৰূপ
সংস্কৃতিৰ উন্নত নতুন অপৰূপ পৰিচয় ।
যুগৰ অভিসন্ধি অভিশাপ আৰু প্ৰৰোচনাৰ বিৰূদ্ধে
আমাৰ অন্তৰ্নিৰ্হিত নিস্বাৰ্থ ভ্ৰাতৃত্বৰ ভীষণ সংগ্ৰাম।
ধ্বংসৰ বিৰুদ্ধে
প্ৰাণৰ সৌৰ্য্য-বীৰ্য্য
আৰু সৃষ্টি ক্ষমতা !
অনাগত ভবিষ্যতৰ স্থিৰ পৰিকল্পনা ।
আজি ইকি ৰঙৰ উছৱ ?
মানুহৰ ইকি নতুন সত্য শিৱ সুন্দৰৰ পূজা ?
আনানূৰ প্ৰতি ইকি অন্তৰৰ অসীম কৰুণা !
- মৰণৰ যন্ত্ৰণাত যেন আনন্দৰ বাবেই
আনন্দ উছৱ উলাহ
আৰু মানুহৰ আত্ম আহুতিৰ এই
আচৰিত যজ্ঞ ।
আজি আমাৰ বিহু !