মৰমৰ ধাৰ
অৱয়ব
পৃথিৱীৰ অন্ধকাৰে আবৰি আনিব ধৰা
জীৱনৰো শেষ হব গান
সুৰৰ কঁপনি বোৰে ৰচিব সপোন মাথোঁ
মিছাকৈয়ে কৰি অভিমান !
মইতো নাজানো সোণ তুমি আহি জীৱনৰ
এই হায় গোপন পৰত
চকুৰ ঠাৰেৰে মোৰ কাঢ়ি নিবা প্ৰাণ বুলি
এইদৰে মাথো অবাবত ।
সুগভীৰ সাগৰৰ নীলিম সপোন সনা
কোন খনি সৰগৰ পৰা
আহি মোৰ সমূখত হাঁহি হাঁহি ওলালহি
জীৱনৰ হেৰা শুকতৰা !
মৃত্যুৰ কুহক সানি সপোন ৰচিছো মই
সমুখত ছবিটি তোমাৰ
দুদিনীয়া সংসাৰত কিহেৰে সুজিম সোণ
তুমি দিয়া মৰমৰ ধাৰ !
ব্যথাহত জীৱনৰ ৰাঙলী শোণিত আনি
আঁজলিৰে দিলে ওপোচাই
হবনে হবনে বাৰু, বুজিবনে প্ৰাণ মোৰ
আকাশৰ শুৱনী তৰাই !
হয়তো বুজিব পাৰে, নহলে ধূলিত পৰি
ৰঙাতেজে কান্দিব আশাত
মৰমৰ ধাৰ মোৰ চিৰ দিন ধাৰ হৈয়ে
ৰই যাব এই বসুধাত ।।