অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
অৱয়ব
- অতীতৰ কিবা ৰহস্যনো তুমি
- কোন সুন্দৰৰ নিজম পুৰীত
- আছাগৈ তুমি নিদিয়া দেখা?
- কোন সুন্দৰৰ নিজম পুৰীত
- অতীতৰ কিবা ৰহস্যনো তুমি
- শক্তি আজি যে সুপ্ত গুপ্ত
- কল্পনাক পুনি লৈ ধৰাবলে’
- আহা আজি সখী চিত্ৰলেখা !
- কল্পনাক পুনি লৈ ধৰাবলে’
- শক্তি আজি যে সুপ্ত গুপ্ত
- সখী চিত্ৰলেখা !
- দূৰ অতীতৰ কিবা
- ৰহস্যনো তুমি,
- বুজিও নুবুজি
- আছা বিয়াকুল হৈ ?
- দূৰ অতীতৰ কিবা
- সখী চিত্ৰলেখা !
- কোন সৌন্দৰ্য্যৰ হোৱা
- জুৰুলি-জুপুৰি
- নন্দন ৰাজ্যৰ তুমি
- জুৰুলি-জুপুৰি
- কোন সৌন্দৰ্য্যৰ হোৱা
- হাতত লেখনী লৈ
- আঁকে বহি ছবি
- গোলাপী গোলাপী আঙুলিকিটিৰে
- কোন সৰগৰ ৰূপহী
- হাতত লেখনী লৈ
- আলৈ- আথানি মূৰৰ খোপাটি
- কপালৰ আগতে পৰিছে উফৰি ;
- বুকৰে ৰিহা যে মাটিমুৱা কৰি
- পৰিছে কোলাতে বই ৷
- আলৈ- আথানি মূৰৰ খোপাটি
- কেতেকীপাহিৰে কাঢ়ি বৰণকে
- পিন্ধিলে কোমল গাত,
- সেন্দুৰীয়া বেলিয়ে পাহৰি
- এমুঠি কঁকাল ভৰেদি বহিছে
- ভাবিগুণি আছে কিবা
- দীঘলী লাৱনী আঙুলি
- থৰে লাগি লাগি
- আপোনাৰে
- ভৰিৰে আঙুলি কিনো মনে খোৱা
- গঢ়ৰো যে ৰিজনি নাই,
- নিতম্বযুৰিৰ কিনো তুলে দিওঁ
- নিমজ হৈ পৰিছেগৈ ৷
- কেতেকীপাহিৰে কাঢ়ি বৰণকে
- ওঁঠৰে তুলে মই কিনো দিওঁ
- কিনো দিওঁ
- দিবলৈ নহয় যে ভুল
- জগতৰ তাতে গোটে খালে,
- উপচি পৰিছে
- কেঁচাসোণৰ বৰণৰ
- গালেখনি দেখি
- হলেবা মনৰে ভুল,
- গালেখনি দেখি
- কেতেকী-গোলাপৰ বৰণকে আনি
- কৰে কিয় বিয়াকুল ৷
- ওঁঠৰে তুলে মই কিনো দিওঁ
- বুকুৰে বান্ধনি সুলকি পৰিছে
- দেখা পাই উদঙে বুকু
- ডালিমৰ গুটিৰে মুকুতা
- তাতে কি মোহিনী, তাতে কি অময়া
- ৰাখিছা সখী মোৰ
- গোলাপৰ পাহিৰে আৱৰি থৈ ?
- তুমিতো নোহোৱা মঙহৰ
- পুৰণি মঙহৰে গঢ়া ঐ
- আছা পুতলাটি হৈ ৷
- পুৰণি মঙহৰে গঢ়া ঐ
- বুকুৰে বান্ধনি সুলকি পৰিছে
- গোলাপফুল-কেতেকীৰ
- ৰেণু উৰাই আনি
- গঢ়িলে দেহা ৷
- ৰেণু উৰাই আনি
- কোন পুৰী কৰিছা বলিয়া
- চৰণৰ নূপুৰ-ধ্বনিয়ে
- কোন পুৰী কৰিছা বলিয়া
- আলসুৱা দেহাটিৰ
- নিঋত্য-ভঙ্গীৰে ৷
- আলসুৱা দেহাটিৰ
- গোলাপফুল-কেতেকীৰ
- জাগিছে নে শুই থকা
- মুগ্ধ কুঁৱৰী
- হাঁহি ঊষা দেৱী
- সপ্তমৰ কণ্ঠস্বৰ শুনি?
- হাঁহি ঊষা দেৱী
- মুগ্ধ কুঁৱৰী
- জাগিছে নে শুই থকা
- কঁপিছে নে কুঁৱৰীৰ
- মধুৰ যৌৱন
- শুনি শুনি তোমাৰেই
- কণ্ঠৰ ধ্বনি?
- শুনি শুনি তোমাৰেই
- মধুৰ যৌৱন
- কঁপিছে নে কুঁৱৰীৰ
- তোমাৰেই কুমলীয়া
- আঙুলি মাজৰ
- ভুৱনবিজয়ী লেখনীয়ে
- আঙুলি মাজৰ
- তোমাৰেই কুমলীয়া
- আঁকিছে নে কাৰোবাৰ
- হৃদয়-হৰণ ?
- সপোনতে চুমা খাই
- মন হৰি নিয়ে ৷
- আঁকিছে নে কাৰোবাৰ
- হ’ল নে তোমাৰ শেষ
- সৌন্দৰ্য্য-সাধনা,
- অনন্ত-বাসনা যাৰ
- পৰা নাই ওৰ,
- সৌন্দৰ্য্য-সাধনা,
- হ’ল নে তোমাৰ শেষ
- পালা নে বিচাৰি দেৱী
- যুগমীয়া সৌন্দৰ্য্যৰ
- নিমাত দেৱতাজনা
- সখী হে’ৰা সৌন্দৰ্য্য-বিভোৰ ৷
- নিমাত দেৱতাজনা
- যুগমীয়া সৌন্দৰ্য্যৰ
- পালা নে বিচাৰি দেৱী
- তোমাৰ তুলিৰ ৰেখা
- এটি এটিকৈ
- উঠিছেনে ফুটি সখী
- শত শত ৰূপবান হৈ ?
- উঠিছেনে ফুটি সখী
- এটি এটিকৈ
- তোমাৰ তুলিৰ ৰেখা
- আহিছেনে এতিয়াও
- তুলিৰ আগেদি
- ৰূপৰ স্পটিক-পানী
- শতধাৰা হৈ ?
- ৰূপৰ স্পটিক-পানী
- তুলিৰ আগেদি
- আহিছেনে এতিয়াও
- গঢ়িলা যি তুলিৰ আগেদি
- জগতৰ চিৰশ্ৰেষ্ঠ
- অনিন্দ্যসুন্দৰ,
- ধন্য সখী তোমাৰ লেখনী ৷
- জগতৰ চিৰশ্ৰেষ্ঠ
- গঢ়িলা যি তুলিৰ আগেদি
- বাণৰ জীয়ৰী ঊষা
- সপোনত দেখা ৰূপ
- প্ৰত্যক্ষ কৰিলা আনি
- সখীব্ৰতা!
- ৰাখিলা যে সখীৰ জীৱন ৷
- বাণৰ জীয়ৰী ঊষা
- দিগন্ত বিয়পা কিনো
- মায়াপী শৰীৰী তুমি
- ইঙ্গিতত তধা লাগে তৰুণ তপন,
- মায়াপী শৰীৰী তুমি
- দিগন্ত বিয়পা কিনো
- বিস্ময়ত মুগ্ধ হৈ
- চাই ৰয় মাথো
- তোমাৰ মায়ালীলা
- কত শত লক্ষ ভুৱন।
- তোমাৰ মায়ালীলা
- চাই ৰয় মাথো
- বিস্ময়ত মুগ্ধ হৈ
- ৰূপহী নোহোৱা তুমি
- তাতোকৈও আৰু আছে যদি
- চাব হোৱা তুমি,
- তাতোকৈও আৰু আছে যদি
- ৰূপহী নোহোৱা তুমি
- জগতৰ চিৰশ্ৰেষ্ঠ
- সকলো ৰূপহী
- তোমাৰ ৰূপৰ মাজে মাজে
- চাব পাৰে জুমি ৷
- তোমাৰ ৰূপৰ মাজে মাজে
- সকলো ৰূপহী
- জগতৰ চিৰশ্ৰেষ্ঠ
- তোমাৰ ৰূপৰ সখী
- তুমিয়েহে তুল
- সামৰিছা মহাবিশ্ব
- তোমাৰ ৰূপত,
- সামৰিছা মহাবিশ্ব
- তুমিয়েহে তুল
- তোমাৰ ৰূপৰ সখী
- বিশ্ব সঙ্গীত আহি
- আছে গোট খাই
- তোমাৰেই বিজয়ী কণ্ঠত ৷
- আছে গোট খাই
- বিশ্ব সঙ্গীত আহি
- কোন ৰহস্যৰ আঁৰ হৈ
- ফুৰা সখী লুকাই লুকাই
- মূৰ্ত্ত হৈ দিয়াচোন দেখা,
- কোন ৰহস্যৰ আঁৰ হৈ
- কবিৰ কল্পনা পুনু ঠন ধৰাবলে’
- আহাঁ আজি সখী চিত্ৰলেখা !
- কবিৰ কল্পনা পুনু ঠন ধৰাবলে’