অক্কণমানি ল’ৰা
অৱয়ব
- অক্কণমানি ল’ৰা -
- থিয় দিব খোজোঁতেই
- থুপুক-থাপাক পৰা ৷
- কোনোমতে অকাই – পকাই
- এখোজ - দুখোজ যায়
- চিৎভলঙা খায়,
- এখোজ - দুখোজ যায়
- খোজ কাঢ়িব নৌ পাৰোঁতেই
- লৰ দিবলৈ চায় ৷
- কান্দে ৰাতি পৰে পৰে
- দুধ নাপাই চিঞৰ ধৰে
- হঁহা – কন্দা দুটা কথা
- এতিয়া মাথোন জানে,
- মুখৰ এটাও মাত ফুটা নাই
- কল্কলায় পাৰেমানে ৷
- নতুন কিবা পালে
- নিয়ে মুখৰ ফালে
- হিচাপ নেপাই
- নাকৰ বিন্ধাত গোজে,
- হিচাপ নেপাই
- উৰি যোৱা ঘৰচিৰিকা
- থাপ মাৰিব খোজে ৷