অ’ আমাৰ গাঁও

ৱিকিউৎসৰ পৰা
(অ' আমাৰ গাঁওৰ পৰা পুনঃনিৰ্দেশিত)

অ’ আমাৰ গাঁও
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাওঁ আমি
মৰিবলৈ যাওঁ।

ভৰপূৰ তামোলেৰে
সেউজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা
অ’ আমাৰ গাঁও!

দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা ল’ৰা
ডেকেৰী নহয় পাছ পৰা
অ’ আমাৰ গাঁও।

একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কপোৰ গাত
আজি কিয় তাকো নাপাওঁ?

এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
নিজে ৰখাওঁ।

কালৰ মূৰ্ত্তি ধৰি
শতৰু মূৰত
আকাশৰ চৰগ্‌ পেলাওঁ।