অ' মোৰ ধুনীয়া গাঁও
অৱয়ব
- অ’ মোৰ ধুনীয়া গাঁও
- ৰজাকো, প্ৰজাকো,
- আমাক গৰকাকো
- তোৰে পদূলিতে বান্ধি ৰখাওঁ
- অ’ মোৰ ধুনীয়া গাঁও ৷
- তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
- থকা ঘৰে মোক দিয়ে,
- ইকৰা-খাগৰি উলু-খেৰণিয়ে
- হজুৱা-বনুৱা জীয়ে ৷
- তোৰ মৰমতে ধাননি উপচি
- মাণিকিমধুৰী আহে,
- তোৰে চেনেহতে ফুলা সৰিয়হে
- পাহি মেলি মেলি হাঁহে ৷
- তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে
- নকৈ বাঁতিছে তাঁত,
- গাঁৱৰ ডেকা ল’ৰাই
- তিনিসইত খাইছে --
- নেৰিছোঁ নেৰিছোঁ
- দুবেলাৰ দুসাজি ভাত ৷
- অ’ মোৰ ধুনীয়া গাঁও !
- অত দিনে থকা
- ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷