অ' মোৰ ধুনীয়া গাঁও

ৱিকিউৎসৰ পৰা
(অ'মোৰ ধুনীয়া গাঁওৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
অ’ মোৰ ধুনীয়া গাঁও
ৰজাকো, প্ৰজাকো,
আমাক গৰকাকো
তোৰে পদূলিতে বান্ধি ৰখাওঁ
অ’ মোৰ ধুনীয়া গাঁও ৷
তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
থকা ঘৰে মোক দিয়ে,
ইকৰা-খাগৰি উলু-খেৰণিয়ে
হজুৱা-বনুৱা জীয়ে ৷
তোৰ মৰমতে ধাননি উপচি
মাণিকিমধুৰী আহে,
তোৰে চেনেহতে ফুলা সৰিয়হে
পাহি মেলি মেলি হাঁহে ৷
তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে
নকৈ বাঁতিছে তাঁত,
গাঁৱৰ ডেকা ল’ৰাই
তিনিসইত খাইছে --
নেৰিছোঁ নেৰিছোঁ
দুবেলাৰ দুসাজি ভাত ৷
অ’ মোৰ ধুনীয়া গাঁও !
অত দিনে থকা
ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷