পৃষ্ঠা:ৰচনা মালিকা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
ৰচনা মালিকা

 উঃ— যি পিঠা বিশেষকৈ তিলৰ সহায়ত কৰে তাকে তিল পিঠা বোলে।

 প্ৰঃ— তিল পিঠা তৈয়াৰ কৰিবলৈ প্ৰধানকৈ কি কি বস্তু লাগে?

 উঃ—তিল পিঠাৰ বাবে বৰাচাউল, তিল, মিঠৈ নাইবা চেনি লাগে।

 প্ৰঃ—তিল পিঠা কেনেকৈ তৈয়াৰ কৰে?

 উঃ—প্ৰথমে বৰা চাউলখিনি পাঁচ-ছয় ঘণ্টামান পানীত তিয়াই থব লাগে। চাউলখিনি তিতাৰ পিছত ঢেকী নাইবা উৰালত খুন্দি মিহিকৈ গুড়ি কৰিব লাগে। চাউলৰ গুড়িখিনি এটা পাত্ৰত ভৰাব লাগে। তাৰ পিছত তিলখিনি ধুই-পখালি ৰ’দত শুকাই খুন্দিব লাগে আৰু গুড়িখিনি এটা পাত্ৰত লৈ তাত মিঠৈ নাইবা চেনি মিহলাই ল’ব লাগে। তাৰ পিছত এটা মাটিৰ চৰুত অলপ অলপকৈ বৰাচাউলৰ গুড়ি লৈ হাতেৰে গোলকৈ মেলি দিব লাগে আৰু অলপ গৰম হোৱাৰ পিছত তাত চেনি বা মিঠৈ মিহলোৱা তিল দিব লাগে। অলপ পিছতে চামুচেৰে লাহেকৈ এটা ফাল লুটিয়াই আনটো ফালৰ ওপৰত জাপি দি এবাৰ ওলোটাই দিব লাগে। দুই মিনিট মান পিছতে তিল পিঠাখন নমাই থব লাগে।

 প্ৰঃ— তিলপিঠাৰ আকৃতি কেনেকুৱা?

 উঃ—ইয়াক পূৰ্ণিমাৰ জোনটোৰ আধা যেন দেখি। কিছুমানে ইয়াক বেলেগ আকৃতিৰ কৰিও তৈয়াৰ কৰে।

 প্ৰঃ—ইয়াৰ উপকাৰিতা কি?

 উঃ—তিল পিঠা উপকাৰী। তিলত তেল আছে আৰু সেই তেল আমাৰ শৰীৰত লাগে। চাউলত থকা ভিটামিন আৰু চেনিও