পৃষ্ঠা:ৰেণু.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

তোলা মূৰ লেটী,  চোৱা এটিবাৰ,
 ঠুনুকী অভাগী অতি ,
পাহৰা সকলো  অতীতৰ কথা
 ফিৰোৱা তোমাৰ মতি৷

থাকা তুমি সুখে  বাঞ্ছা এই মোৰ,
 আৰু কোনো আশা নাই,
আইৰ আদেশ  পেলাও কিমতে
 নিঠুৰ বিধাতা হায!

কপালত যাৰ  যিটি লিখা আছে
 খণ্ডাব কোনেনো পাৰে?
নদীৰ সোঁতক  থমাব খুজিলে
 ভীম পৰাক্ৰমো হাৰে৷

৫৭