সমললৈ যাওক

পৃষ্ঠা:ৰেণু.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চেনেহৰ চকু পৰে কাৰ ফালে
 আছিল আটায়ে ভাবি,
এনেতে লগালে  ঠুনুকীয়ে মাত,
 “এই যে দেখিয়া হাবি,

তাকেই কৰিম পূজা হেৰা মই,
 সেযে স্বামী হব মোৰ,
পৰোঁ যদি হেৰা  বন্ধু কৰি লম
 বনবাসী জন্তুবোৰ৷

হাবিৰ চৰায়ে  হিয়া খুলি গালে
 অমিয়া সুৰত গীত,
জ্বলিলে পৰাণ  কান পাতি হেৰা,
 কৰি লম হৰষতি।

৫৬