পৃষ্ঠা:ৰেণু.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

মোৰে মূৰ খাৱ এৰ ইটো ভাব
 কথা ৰাখ তই আই,
চহকী ঘৰৰ  কত ডেকা লৰা
 আছে তোৰ ফালে চাই৷”

মনৰ যাতনা মনতে লুকাই
 নামাতি ঠুনুকী ৰল,
দুটি মাহ পাৰ নহওঁতে হায়!
 মাকো এৰি গুছি গ’ল৷

আহিল চহকী ডেকা কত পাব
 ঠুনুকীক আশা লই,
কি ভাবে আছিল ওচৰতে লেটি
 বহি তলমূৰ কই৷

৫৫