এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী
বহু সময় তেনেকৈয়ে পাৰ হ’ল। জু জুহঁতে পাৰ হৈ চাই থাকিল। য়ু আইতাকৰ গাতে
গাটো লগাই থাকিল। তাৰ মনতো মহাৰঙ।
আইতাকে দুই হাতেৰে নিজৰ চকুৰ পানী মুছিলে। ৰেইনীৰ হাতত ধৰি আঙুলিয়ালে— ‘তোৰ ককায়েৰ – ৰেমছ্।
ডেকাটো আগবাঢ়ি আহিল। তাইৰ কাষলতিৰ তলেৰে দুহাত পাৰ কৰি গবা মাৰি ধৰি দুপাক মান ঘূৰালে—ঠিক সৰু কালৰ দৰে।
ৰেইনীৰ চকুৰ পানীৰে ককায়েকৰ বুকু তিয়াই পেলালে।
ৰেইনীয়ে অভিযোগ কৰিলে— কিয় তাইক অকলে এৰি থৈ গুচি গৈছিল।
আইতাকে ঘটি যোৱা ভয়ংকৰ কথাবোৰ ক’লে— কেনেকৈ বিপদে পালে, ককাককো হেৰুৱালে, পেহীয়েক আৰু ককায়েকটো পানীত জাঁহ গ’ল। বাট হেৰুৱাই অনাই বনাই ফুৰাৰ পিছত এদিন মানুহ এদল লগ পালে। এদিন তাত খৰাং আহিল। খোৱা মুঠিৰে হাহাঁকাৰ লাগিল। আনকি সৰু সৰু ল’ৰা-ছোৱালীবোৰেও নিজৰ আহাৰ নিজেই বিচাৰি ল’বলগীয়া হ’ল। মানুহবোৰ
(২৬)