পৃষ্ঠা:ৰেইনী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


সিহঁত তাইৰ পিছে পিছে ঘূৰি ফুৰে।

 ৰেইনীৰ কাম বাঢ়িল। নিজৰ বাবে জু জু হঁতৰ বাবে খোৱাৰ চিন্তা আহিল। তাৰ বাহিৰেও বাঁহৰ চুঙা, পশুৰ চামৰাৰে তৈয়াৰী মোনাত পানী কঢ়িয়াই পিতাকহঁতে শকত গছৰ গুৰি কাটি খোৰোং কৰা পাত্ৰত জমা থ’ব লাগে।

 ফলৰ গছবোৰ ডাঙৰ হৈ আহিল। কিছুমানত ফুল ফুলিল। এদিন সৰু সৰু ফল লাগিল। সৰু সৰু ফলবোৰ পূৰঠ হ’ল। পকিল। কিছু মাহৰ পিছত আনবোৰ ফলৰ গছতো ফুল ফুলিল, কলি ওলাল। এদিন পূৰঠ হৈ পকিল। ৰেইনীৰ খোৱাৰ অভাৱ নোহোৱা হ’ল।


 ফলৰ গছবোৰৰ দৰেই ৰেইনীও ডাঙৰ হৈ আহিল। ওখ পাখ হৈ পৰা ৰেইনীৰ কজলা চুলিকোচাও দীঘল হ’ল। ৰঙচুৱা সোণালী গাৰ ৰঙটো আৰু চকুত লগা হৈ উঠিল। হাত-ভৰিবোৰ পূৰঠ জোৰ থকা হৈ উঠিল। বয়সতকৈ তাই বেছি ওখ আৰু শকত আৱত হ’ল। নহ’বনো কিয়? এপলকো বহি নাথাকে। চিকাৰৰ পিছে পিছে দৌৰে, গছৰ ডাল কাটে, তাৰে ক’ত যে হাথিয়াৰ নবনায়! পানী কঢ়িয়ায়। ফলৰ গছবোৰৰ যতন লয়। ঠাইবোৰ চাক্‌চিকুণ কৰে। পেট পূৰাই খাই বৈ নিশাতো ভালকৈ শুই পৰে। কাম-বনে মানুহক সৱল আৰু সুঠাম কৰে।

 পিন্ধা সাজৰ তাইৰ অসুবিধা নহ’ল। পিতাকহঁতে চিকাৰ কৰা জন্তুৰ ছাল কেইবাখনো মজুত আছিল। তাতে তাই গছৰ কেঁচা বাকলি মিহিকৈ ফালি খাৱবোৱা নিচিনাকৈ বৈ ল’বলৈ যত্ন কৰিছিল। এইবোৰ তাই মাক আৰু আইতাকক কৰা দেখিছিল। আইতাকে বৰ চকুত লগাকৈ গছৰ বাকলিৰ সাজ বব জানিছিল। তদুপৰি তাই গছৰ পাতবোৰ জাপি জাপি চকুত লগা কৰি সাজপাৰ কৰি ভাল পাইছিল।

০০০ ০০০ ০০০ ০০০ ০০০

( ১৭)