পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্রীড়া।

হাতত নূপুৰ আড়ে কঙ্কালত হাৰ।
কৰি বিপৰ্য্যয় পিন্ধে বস্ত্ৰ অলঙ্কাৰ॥
তথাপি কৃষ্ণক পাইল গোপীকা সকল।
ভকতৰ কৰ্ম্ম যেন নভৈল বিফল॥
নিবাৰয় পতি পুত্ৰ ভ্ৰাতৃ আগ ভেণ্টে।
গোবিন্দে হৰিল চিত্ত তথাপি নোলটে॥
বিমোহিত হুয়া সবে লৱড়ে গোপিনী।
হৰি ভকতক যেন নলঙ্ঘে বিঘিনী॥
যাইবে নপাই গৃহ মধ্যে কতো গোপীগণ।
মনে ধৰি কৰিল কৃষ্ণক আলিঙ্গন॥
অনেক জন্মৰ কৰ্ম্ম বন্ধ কৰি ক্ষীণ।
এড়ি তনু তেখনে কৃষ্ণতে গৈল লীন॥
পুছে পৰীক্ষিতে শুনি মিলিল সংশয়।
জাৰবুদ্ধি মাধৱক সেৱে গোপীচয়॥
তথাপি কৃষ্ণক পাইলে কিনো বিপৰ্য্যয়।
বোলা হৰি হৰি হোক পাপৰ প্ৰলয়॥

⸻⸻