পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্ৰীড়া

ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্ব দিশ হন্তে।
কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জন্তে॥
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি।
কুঙ্কুমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি॥
বনকো দেখিল চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত॥
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে।
দিলেক লৱড় গীত ধ্বনি নিৰীক্ষণে॥
কৰ্ণত কুণ্ডল দোলে বেগতে হাণ্ঠিতে।
চিত্তত ধৰিলে কৃষ্ণে ছলে অলক্ষিতে॥
কতো গোপী যায় গাই দোহনক এড়ি।
আখাতে থাকিল দুগ্ধ চৰু সৈতে পড়ি॥
পীষন্তে আছিল শিশু তাহাকো নগণি।
পতি শুশ্ৰূষাকো এড়ি যায় কতো জনী॥
কতে গোপী আছিল স্বামীৰ পৰশন্তে।
আধ ভুঞ্জা হুয়া কতো যায় লৱড়ন্তে॥
কৃষ্ণৰ শ্ৰবণে যেন হৰিদাস গণে।
এড়ে কাম্য কৰ্ম্ম সবে তদগত মনে॥
কৃষ্ণে হৰিলন্ত চিত্ত হইল চেতন।
পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ॥