পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
ৰাস ক্ৰীড়া।


ঘোষা।

এযাদৱ যাদৱ দীন দয়াল।
তুমিসি আমাৰ গতি মুকুতি গোপাল।

 এহি মতে ক্ৰীড়াতে ৰজনী যায় ক্ষয়।
 দিন ভৈলে বিৰহে আকুল গোপীচয়।
 কৃষ্ণ যান্ত বনে তাঙ্ক নেদেখি অসুখে।
 কৃষ্ণ গুণ গায়া দিন বঞ্চে নানা দুঃখে॥
 নিস্তাৰ কাৰক নাহি হৰিনাম বিনা।
 কতো গোপী বোলে সখি কৃষ্ণ কথা শুন
 বাম বাহুত বাম কপোল থাপিয়া।
 মধুৰ ৰেণুক আনি অধৰে অৰ্পিয়া॥
 ৰন্ধ্ৰ মধ্যে কোমল অঙ্গুলীচয় চালি।
 যেতিক্ষণ বংশী ভাক দেন্ত বনমালী॥
 তাক শুনি দেৱ স্ত্ৰী সমস্তে মূৰ্চ্ছিত।
 কামবানে চিত্ত অতি হুযা জৰ্জ্জৰিত॥
 বস্ত্ৰে নসম্বৰে মহা মোহ হু্যা পড়ে।
 স্বামীৰ কাছতে পাছে লজ্জা হোৱে মনে
 হেন হৰি বিৰহ সহিবো কোন মতে
 উৰ গোপী বোলে সবে সখীৰ আগতে,