পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ৰাস ক্ৰীড়া।


মোহিলা গোপীক কৃষ্ণৰ মায়া।
কাছতে আছে দেখে নিজ জায়া॥
নকৰে অসূয়া কৃষ্ণক কেৱ।
জগত ঈশ হেন কৃষ্ণ দেৱ॥
যেবে হৈবে খোজে প্ৰভাত ৰাতি।
বোলন্ত যায়োক গোপীক মাতি॥
কৃষ্ণক এড়িবে নাহিকে মন।
অসুখে গৃহক কৰে গমন॥
ইটো ৰাস ক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনে যিটো নৰ॥
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কাম সাগৰে সুথে হৈবে পাৰ॥
ইটো কামজয় কৃষ্ণৰ কথা।
শুনা নৰদেহ নকৰা বৃথা॥
কৃষ্ণৰ কিঙ্কৱে কহে প্ৰলাপ।
বোলা হৰি হৰি হৰোক পাপ॥

⸻⸻