পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ৰাস ক্ৰীড়া।


যাৰ উৰুস্থলে ছটা দেখিয়া লক্ষ্মীৰ।
শ্যামল মেঘত যেন বিজুলী সুস্থিৰ॥
হেন হৰি যখনে বংশীক নাদ কৰে।
গৰু মৃগগণৰো তখনে চিত্ত হৰে॥
দান্তে তৃণ ধৰি কৰ্ণ উপৰক তুলি।
চক্ষু মুদি থাকে যেন চিত্ৰৰ পুত্তলী॥
আমি কেনে জীৱোঁ হেন কৃষ্ণক নেদেখি।
আউৰ গোপী বোলে শুনা শুনা সবে সখি॥
মাথাত ময়ূৰ পুচ্ছ পল্লব কৰ্ণত।
মল্লবেশে হৰি গেৰু ঘণিয়া গাৱত॥
নাম ধৰি ধেনুক ডাকন্ত বংশী ৰাৱে।
নদি সবো শুনি স্তম্ভি থাকে মৌন ভাৱে॥
আমি যেন নপায়া কৃষ্ণৰ পাদ ৰেণু।
কম্পাৱে তৰঙ্গ হস্ত প্ৰেমে পুনু পুনু॥
কতো গোপী বোলে সখি সব শুন শুন।
গোপগণে যখনে বৰ্ণাৱে কৃষ্ণগুণ॥
বংশীৰ নিস্বনে হৰি ডাকি আনা ধেনু।
শুনি তৰু লতা প্ৰেমে পুলকিত তনু॥
ফল ফুল ভৰে নম্ৰ হুয়া মধু স্ৰৱে।
ভৈল আত্মা সাক্ষাতে বৃক্ষৰ ভাৱে কৱে॥