পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ৰাস ক্ৰীড়া।


হে আম জাম বেল বকুল।
নাহি উপকাৰী তোমাৰ তুল॥
কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ।
কোৱা কৈক গৈল প্ৰাণ আমাৰ॥
কিনো তপ ওবা কৰিলা ভূমি।
কৃষ্ণৰ চৰণ পৰশি তুমি॥
মিলি আছে অতি আনন্দ ভাৱ।
দেখো ৰোমাঞ্চিত তোমাৰ গাৱ॥
পূৰ্ব্বতো বৰাহে আছে আলিঙ্গি।
তুমি সৰ্ব্ব কালে কৃষ্ণৰ সঙ্গী॥
দেখিছা কৃষ্ণক জানো নিশ্চয়।
কহিয়ো আমাত হুয়ো সদয়॥
মৃগ পত্নী সখী দেখিলা হৰি।
তোমাৰ নেত্ৰৰ আনন্দকাৰী॥
যান্তে প্ৰিয়া সমে গতি বিলাসে।
হেৰা কুন্দ গন্ধ কুঙ্কুম বাসে॥
কতো গোপী বোলে শুনিয়ো বাণী।
লতাত কৃষ্ণৰ পুছা কাহিনী॥
কৃষ্ণৰ নখৰ পৰশ পাই।
দেখো পুলকিত সমস্তে কায়॥