পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ৰাস ক্রীড়া ।

.

ঘোষা

কৈত পাইবো প্ৰাণ গোপাল আমি।
হৰাইল অৰুণ লোচন স্বামী॥

উচ্চ বৃক্ষ দেখি শোধে সাদৰি।
শুনিয়ো অশ্বত্থ বট পাকড়ি॥
সাহন্তে দেখিলা দন্দকুমাৰ।
নেন্ত চুৰি কৰি চিত্ত আমাৰ॥
হে কুৰুবৰ অশোক চম্পা।
কহিয়া কথা কৰা অনুকম্পা॥
মনিনীৰ দৰ্প কৰিয়া চুৱ।
জানাহ কৃষ্ণ যান্ত কত দূৰ॥
ওবা তুলসী সমিধান দিয়া।
তুমি গোবিন্দৰ চৰণপ্ৰিয়া॥
সাহান্তে দেখিলা নন্দকুমাৰ।
প্ৰাণতো অধিক প্ৰিয় আমাৰ॥
হে জাতী যূথী সখী মালতী।
কৃষ্ণ পৰশে কি লভিলা গতি॥
সমস্তে গোপীৰ জীৱন ধন।
দেখিলা যাহান্তে নন্দনন্দন॥