পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ৰাস ক্রীড়া।


বোলে বাক্য সবে উন্মত্ত ভাৱে।
কৃষ্ণক বনত বিচাৰি চাৱে॥
কৃষ্ণগুণ গান্তে প্ৰেম উপজে।
কৃষ্ণতে মন সমুদায় মজে॥
সমস্তে বিহ্বল হুয়া গোপিনী
কৰে কৃষ্ণ লীলা কত আপুনি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোল হৰি হৰি সমস্ত জনে॥

ঘোষা।

 বন্দো মন্দৰধাৰী।
গতি মতি মোৰ তুমি মুৰাৰি॥

পূতনাৰ বেশে কতো জনী দেয় স্তন।
কতো শিশু কৃষ্ণ হুয়া শোসয় জীৱন॥
কত গোপী থাকে যেন শকট আকাৰে
কৃষ্ণ হুয়া ওভটাৱে চৰণ প্ৰহাৰে॥
কতো গোপী বসে শিশু কৃষ্ণৰূপ ধৰি :
তৃণাবৰ্ত্ত হুয়া কতো গোপী নেয় হাৰ॥