পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ৰাস ক্রীড়া।


কৃষ্ণক নপাই পাছে গোপীচয়।
মিলিল সন্তাপ ভৈলন্ত ভয়॥
যেন যুথপক নেদেখি বনে।
কান্দে আৰ্ত্তৰাৱে হস্তিনীগণে॥
কৃষ্ণৰ সদয় কটাক্ষ হাসে।
মোহন আলাপ গতি বিলাসে॥
হৰিল চিত্ত পাসৰিল মম্ম।
কৰিবে লাগিল কৃষ্ণৰ কম্ম॥
কৃষ্ণৰ ঠানে কৰে লীলা গতি।
সদয় হাস্যে চাৱে কাকো প্ৰতি॥
মই সে কৃষ্ণ জান গোপীগণ।
অন্যো অন্যে গোপী বোলে বচন॥
একত্ৰ হুয়া মহা প্ৰেমভাৱে।
গোবিন্দ গুণ গাৱে আৰ্ত্তৰাৱে॥
বিচাৰি ফুৰে সিটো বৃন্দাবনে।
কৃষ্ণ কৃজ্ঞ বুলি উন্মত্ত মনে॥
যিটো হৰি আছা জগত ব্যাপি।
বৃক্ষত তাঙ্ক শোধে পাশ চাপি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোল হৰি হৰি সমস্ত জনে॥