পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত

শ্লেব এখন আঁতৰ কৰোৱাৰ পিছতহে কোঠাটোত সোমাব পৰা যায়। ৫-৬ খোজ যোৱাৰ পিছত এটা সৰু, অন্ধকাৰ ৰূম এটাত য'ত ত'ত সিঁচৰতি অৱস্থাত বহু মূল্যবান সম্পদ পোৱা যায়। সকলোবোৰ সম্পদ বাহিৰলৈ উলিয়াবলৈ প্ৰায় ১২ দিন সময় লাগিছিল। এতিয়ালৈকে কৰা গণনা অনুসাৰে তেওঁলোকে মাটিৰ পৰা ২০ ফুট তলত প্ৰায় ২০ বিলিয়ন আমেৰিকান ডলাৰৰ অতি মূল্যৱান সোণ আৱিষ্কাৰ কৰিছিল। এই সকলোবোৰ সোণ, যুদ্ধৰ সামগ্ৰী, হীৰা, ১৮ ফুট দীঘল সোণৰ চেইন ( সেইবোৰ কোনে পিন্ধিছিল বাৰু!! ), নেপোলিয়ন যুগৰ মুদ্ৰা, খ্ৰীষ্টপূৰ্ব ২০০ চনৰ প্ৰায় ৮০০ কিলোগ্ৰাম সোণৰ মুদ্ৰা, ৩৬ কিলোগ্ৰাম ওজনৰ সোণৰ ওৰণি!!, ৫০০ কিলোগ্ৰাম ওজনৰ সোণৰ sheaf! ইত্যাদি বিভিন্ন ৰূপত পোৱা গৈছে।

 আকৰ্ষণীয় কথাটো ভল্ট Bৰ ক্ষেত্ৰতহে আহি পৰে। ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশমৰ্মে প্ৰথমে ধাতুযুক্ত দৰ্জাখন খোলা হ’ল, তাৰ পিছত থকা কাঠৰ দৰ্জাখনো খোলা হ’ল কিন্তু সমস্যাটো আহিল তৃতীয়খন দৰ্জাত হে। কোনো খিলি বা হুক নোহোৱাকৈ থকা লোহাৰ দৰ্জাখন কোনোপধ্যেই খুলিব পৰা ন’গল। উপায়ন্তৰ হৈ তলা মেৰামতি কৰিব পৰা মানুহ (locksmith) এজনক মতাৰ সিদ্ধান্ত লোৱা হ'ল, কিন্তু জুলাইৰ মাজ ভাগত, খুলিব পৰা কাৰিকৰী মানুহজন অহাৰ আগতেই, ছুপ্ৰিম কোৰ্টে ৰাজপৰিয়ালক দৰ্জাখন খোলাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে।

 বিশেষজ্ঞ সকলৰ মতে সেই দৰ্জাখন এটি বিশেষ মন্ত্ৰ মাতিলে নিজে নিজে খোল খাই যাব। দৰ্জাখন ৰহস্যৰে ভৰপূৰ। এই দৰ্জা খনত দুটা ফেঁটী সাপৰ প্ৰতীক খোদাই কৰি থোৱা আছে। অখ্যানমতে এই হুক, খিলি, নট, বল্ট একো নোহোৱা দৰ্জাখন কেৱল এজন সিদ্ধ সাধু পুৰুষেহে এক বিশেষ ধৰণৰ 'গৰুড় মন্ত্ৰ’ গাইহে খুলিব পৰা যাব। আখ্যানমতে সেই মন্ত্ৰবিধ গোৱাৰ লগে লগে নিজে নিজেই দুৱাৰখন খোল খাই যাব। আৰু যিহেতু এই গোটেই পৃথিৱীত এতিয়া সেই মন্ত্ৰ শুদ্ধকৈ উচ্চাৰণ কৰিব পৰা কোনো সিদ্ধ পুৰুষ নাই, সেইবাবে এই ভল্টটো এতিয়ালৈকে খোলা হোৱা নাই। যদি অন্য উপায়েৰে ইয়াক খুলিবলৈ চেষ্টা কৰা হয়, তেন্তে সমগ্ৰ পৃথিৱীতে প্ৰলয় আহিব বুলি বিশ্বাস কৰা হয়। ১৯০৮ চনত এই ভল্টটো খুলিবলৈ কেইজনমান মানুহে চেষ্টা কৰিছিল যদিও, খুলিবলৈ চেষ্টা কৰা সময়তেই বহুত ফেঁটী সাপে খেদি অহাত মানুহ কেইজনে প্ৰাণ লৈ পলাব লগা হয়।

 অবিশ্বসনীয় নহয়নে? ভাবিয়েই আচৰিত লাগে, তাতোতকৈ বেছি বেয়া লাগে, যেতিয়া গম পোৱা হয়, ইমানখিনি মূল্যৱান ইতিহাসক লৈ কি দৰে তাৰ মানুহে হেতালি খেলি আছে, নিজৰ স্বাৰ্থৰ বাবে সেয়া ব্যৱহাৰ কৰি আছে, য'ত কেইজনমান মানুহে নিজৰ জীৱন বিপদাপন্ন কৰি মন্দি টোৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে,

এচিড আৰু মৃত্যু পৰ্যন্ত আকোঁৱালি লৈছে, ঠিক তেনে সময়তেই অন্যসকলে সেই

(ৰহস্যময় ভাৰত।) ৪৫