পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইবছৰমান আগত দিল্লীৰ আধিভৌতিক (Paranomal) সংস্থাই সেই ৰহস্যৰ উদঘাটন কৰিবলৈ ১৮জন সাহসী ব্যক্তিক পঠোৱাৰ ব্যৱস্থা কৰিলে। গৌৰৱ তিৱাৰীৰ নেতৃত্বত সংস্থাৰ ১৭জন অন্য ব্যক্তি আৰু তাৰে ১০-১২জন লোক সেই গাঁৱত সম্পূৰ্ণ ১২ ঘণ্টা তাত অতিবাহিত কৰিছিল। (এই খিনিতে অন্য এটা কথা উল্লেখনীয় যে গৌৰৱ তিৱাৰী ভাৰতীয় আধি-ভৌতিক সংস্থাৰ সংস্থাপক আছিল আৰু এই ধৰণৰ কামত আগৰণুৱা আছিল, কিন্তু ২০১৬ চনৰ ৭ জুলাইত মাত্ৰ ৩৩ বছৰ বয়সতে ৰহস্য জনক ভাবে তেওঁৰ মৃত্যু হয়।) দলটোৱে তাত কটোৱা সময়খিনিত কিছু অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হয়। তেওঁলোকে উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা K-2 মিটাৰ যন্ত্ৰটোৱে অস্বাভাৱিক উষ্ণতাৰ পৰিৱৰ্তন দেখুৱাইছিল। এক ঠাইত যন্ত্ৰ টোৱে ৪১ ডিগ্ৰী ছেলচিয়াচ দেখুৱাইছিল কিন্তু কেইখোজমান যোৱাৰ পিছতেই উষ্ণতা ৩১ ডিগ্ৰীলৈ কমি গৈছিল। আকৌ দলটোৱে ব্যৱহাৰ কৰা লেজাৰ (LASER) ৰশ্মিয়ে লৰচৰ কৰি থকা ছাঁ ধৰা পেলাইছিল।

আন বহুতে কব খোজে যে সেই ঠাইত পানীৰ পৰিমাণ কমি অহা বাবে মানুহ সকল লাহে লাহে তাৰ পৰা আতৰি গৈছিল।
 এতিয়া প্ৰশ্ন হয় কেইবাটাও— মানুহখিনি যদি নোহোৱা হৈ গ'ল, ক'লৈ গল?ইমান কম সময়ত মানুহ এনেদৰে নোহোৱা হৈ যাব নোৱাৰে, আৰু হলেও সেই মানুহখিনি জীয়াই থাকক বা নাথাকক, শৰীৰবোৰতো পোৱা গ'লহেঁতেন। আন ৮৩খন গাঁও বাদ দিলেও এখন গাঁৱৰে মানুহ একে ৰাতিত সাধাৰণভাবে নোহোৱা হৈ যাব নোৱাৰে। আনহাতে আজিৰ এই বিজ্ঞানৰ দিনত ভূত-প্ৰেতত বিশ্বাস কৰা অবান্তৰ।

তেনেস্থলত তেওঁলোকৰ যন্ত্ৰখিনিয়ে কিয় এনেকুৱা ভুল তথ্য দেখুৱালে? মেচিন বেয়া

(ৰহস্যময় ভাৰত) ৭