পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰঙ্গিলী

কালে চলি অহা প্ৰথাটো (অৰ্থাৎ ৰজাৰ জ্যেষ্ঠ পুত্ৰহে ৰজা - Law of Primogeniture) ভাঙ্গি থৈ গৈছিল বুৰঞ্জীয়ে এই বিষয়েও একো সঠিককৈ নকয়। কিন্তু এইটো নিশ্চিত যে এই পূৰ্ব্বাপৰ ৰীতিটো ভঙ্গ কৰাৰ ফলতে ৺পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নিচিনা প্ৰবল পৰাক্ৰমী মন্ত্ৰীসকলে তেওঁলোক ইচ্ছা অনুসৰি ৰজা পতা ৰজা ভঙ্গা কাম কৰিছিল। সেইদেখি শিৱসিংহ স্বৰ্গদেৱৰ পিছৰেপৰা বজাসকল দুৰ্বলী হৈছিল। ৰজাক দুৰ্ব্বলী দেখিয়েই এইজনা ৰজাৰ পিছৰে পৰা অসমত কেবাটাও বিদ্ৰোহ হৈছিল, যেনে- মোৱামৰীয়া বিদ্ৰোহ, কলিতা ফুকনৰ বিদ্ৰোহ, নলতা ফুকনৰ বিদ্ৰোহ, ভুভুমীৰ বিদ্ৰোহ, দন্দুৱা বিদ্ৰোহ। এই বিদ্ৰোহবিলাকৰপৰা, দেশত মৰা-কটা লাগি। দেশ অশান্তিৰে ভৰপূৰ হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দিনত বুঢ়াগোহাঁই গোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই, ৰাজমাও এইসকল এফলীয়া হৈছিল; আৰু ৰজা, সৎৰাম, গুৱাহাটীৰ বদন বৰফুকন আনফলীয়া হৈছিল। বুৰঞ্জীয়ে কয়, কাপ্তান বলেছলি ছহাবেও কৈ গৈছে যে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ এজন দুৰ্ব্বল মনৰ ৰজা আছিল – a weakling prince.

 ৰাজমাও দেউতা – আহোমৰ দিনত আমাৰ অসমৰ প্ৰত্যেকজন বিষয়ায়ে ৰাজনীতিজ্ঞ আছিল; আৰু সেইদৰে আমাৰ ডাঙৰীয়ানী সকলেও ৰাজনীতি জানিছিল। বিশেষকৈ আমাৰ আহোম ডাঙৰীয়ানী সকল ডাঙৰীয়াসকলৰ সোঁহাত বাওঁহাতৰ দৰে আছিল। বুৰঞ্জীত ইয়াৰ অসংখ্য প্ৰমাণ পোৱা যায়। আহোম ডাঙৰীয়ানীসকলে দেশৰ অৰ্থে প্ৰাণ দিবলৈকো পিছ নুহুহকিছিল। ৰাণী জয়মতী, ৰমণী গাভৰু এইসকলে দেশৰ নিমিত্তে কি কৰিছিল তাক বুৰঞ্জী পঢ়োতা মানুহ মাত্ৰেই জানে। প্ৰত্যেক ৰাজমেলতে আহোম ডাঙৰীয়ানীয়ে