পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুশীলন হব লাগিব।
 পিছে অতি পৰিতাপৰ কথা যে স্বাধীন ভাৰতত যুবশক্তিৰ অনু- শাসনহীনতাৰ সমস্যাই চৰমসীমা পালেগৈ। শিক্ষানুষ্ঠানত শান্তি- শৃঙ্খলা ৰক্ষা কৰাৰ বাবে সময়ে সময়ে পুলিচ-মিলিটাৰী নিয়োগ কৰি- বলগীয়া হয়। পৰীক্ষা-গৃহভ অসৎ উপায়, অৱলম্বন কৰাটো অতি সহজ আৰু সাধাৰণ কথা হৈ পৰিছে। সেই বিদ্যাত হাত পকাব পৰা সকলে নিজৰ সাফল্যৰ বাবে গৌৰৱবোধহে কৰা দেখা যায়। অভিভাৱকসকলেও আজিকালি সেইটো অপৰাধ বুলি গণ্য নকৰা হৈছে। শেহতীয়াকৈ ছাত্ৰীসকলকো এই বিদ্যাত পাকৈত হৈ উঠা দেখা গৈছে। আন এক ভয়াবহ সমস্যা হৈছে উঠি অহা চামৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি। এই বদ অভ্যাসে তৰুণ চামৰ চৰিত্ৰ আৰু ভবিষ্যৎ ধ্বংস কৰাৰ উপৰিও সমাজ জীৱনলৈকে বিপৰ্যয় মাতি আনে। শিক্ষক আৰু গুৰুজনৰ প্ৰতি শ্ৰদ্ধাশীল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সম্প্ৰতি অতি নগণ্য। পৰীক্ষাঘৰত অসদাচৰণত বাধা দিয়া নিৰীক্ষকসকল ছাত্ৰৰ হাতত অপমানিত, প্ৰহৃত হৈছে; তেওঁলোক জীৱন নাশৰ ভাবুকিৰো সন্মুখীন হবলগীয়া হয়। বাটে ঘাটে ছোৱালী জোকোৱা কথাটো আজিৰ স্কুল-কলেজীয়া ছাত্ৰৰ বাবে এক আমোদকৰ বিহীন আমোদ। তেওঁলোকৰ দ্বাৰা সংঘটিত বলাৎকাৰ ধৰ্ষণৰ ঘটনাও বিৰল নহয়। অনাৰ্তাৰ, দূৰদৰ্শন, কথাছবিৰ মাধ্য- মেৰে নানা উত্তেজনাপূৰ্ণ, অপৰাধমূলক ঘটনা দেখি-শুনি কেচা বয়সৰ লৰা-ছোৱালীহঁতে সেইবোৰ ব্যক্তিগত বা সমাজ জীৱনত প্ৰয়োগৰ দ্বাৰা নিজৰ কৌতুহল আৰু উত্তেজনা চৰিতাৰ্থ কৰিবলৈ বিচাৰে।

 আজি কিছুবছৰৰ পৰা এটা কথা চকুত পৰিছে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো ঐতিহাসিক প্ৰয়োজনতেই হওক বা

॥১৩॥