পৃষ্ঠা:সৰাপাত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰাপাত

সাগৰিকা
তোমাৰ কোমল ঘাঁহনিত
ৰচীৰে বান্ধিব খোজোঁ
মোৰ চঞ্চল হৃদয়ক।
জানা সাগৰিকা
আৱেগত উতলা মই
প্ৰেমৰ পিয়াহত ভ্ৰষ্ট তোমাৰ
অনাকাংক্ষিত আশা
সৃষ্টিৰ দুৱাৰত
অচিন প্ৰলয়ে দিয়েহি খুন্দা।

সাগৰিকা
তোমাৰ ৰঙা ওঁঠত
নতুনত্বৰ সপোন
সৃষ্টি হয় অকাল ভাৱনাত
অযুত কল্পনাত অজানিতে,
আৰু জানানে সাগৰিকা
মোৰ নষ্ট চৰিত্ৰৰ কথা
মই অংকন কৰিব খোজোঁ
এটি চুম্বন,
হাঁহি বিৰিঙা তোমাৰ
কোমল ওঁঠৰ বাকৰিত।

সাগৰিকা
মই মানৱ, নহয় দানৱ
কোনো পাশৱিক প্ৰহাৰ কৰি
নকৰো ৰক্তপান মই
তোমাৰ কেঁচা কলিজা।
মোৰ চিফুং বাঁহীৰ কৰুণ সুৰত
নিৰলে বৈ যোৱা
অশ্ৰুধাৰাৰ সোঁতত
ঢালি দিয়া না সাগৰিকা
এমুঠি হাঁহিৰ খোৰাক।

   

মোৰ যাত্ৰা পথত
এয়া অন্ধকাৰ আৰু
অন্ধকাৰ নামিছে,
অমাৱশ্যাৰ এই ৰাতিত
এগছি বন্তিৰে
তুমি পাৰিবা নিক্ষেপ কৰিব
মোৰ শত্ৰু এন্ধাৰক,
কিন্তু তুমি নুবুজা
বন্তিৰ শিখাত
উত্তাপৰ প্ৰখৰ কিমান!

সাগৰিকা
তুমি জানো বুজিবা
মোৰ তেজস্বী কবিতাৰ
তেজাল অৰ্থ?
হয়তো নুবুজিবা চাগে
মোৰ শব্দৰ মায়াজাল
তোমাৰ হেমকোষত যে
আজিও অদৃশ্য।

সাগৰিকা
মই আকাশী চৰাই,
আকাশৰ বিশালতাত
মোৰ সৃষ্টিৰ চানেকি,
চঞ্চলতাৰ ডেউকা মেলি
খেপিয়াই ফুৰিছোঁ মই
তোমাৰ সুবাস বিচাৰি,
নিবিছাৰো সাগৰিকা মই
মহাশূণ্যত শূণ্যতাৰ স্থল,
মাথোঁ বিচাৰো তোমাৰ হৃদয়ত
মৰম ভালপোৱা আৰু
আকুলতাৰ
এক বৃহৎ জোঁৱাৰ।

পৃষ্ঠা/১০