পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সুৰ বিচাৰি বাৰ বছৰ

 ৪। ৭ম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত যিসকল চূড়ান্ত মেধাৱী বুলি পৰিচিত হ’ব সেইসকলক অষ্টম শ্ৰেণীৰ পৰাই দেশে বিচৰা মতে তীক্ষ্ণ মেধাযুক্ত দেশসেৱক তৈয়াৰ কৰাৰ বাবে পাবলিক স্কুল, সৈনিক স্কুল আদি বিভিন্ন দিশেৰে লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। এই ছাত্ৰ-ছাত্ৰীসকলৰ কোনোবাই যদি ইচ্ছা কৰে তেন্তে তেওঁৰ বাবে সাধাৰণ শিক্ষাৰ পথ আৰু বৃত্তিমূলক শিক্ষাৰ পথো মুকলি থাকিব লাগে।

 ৫। সাধাৰণ শিক্ষাৰ দিশত অষ্টম, নবম, দশম এই তিনি বছৰ পঢ়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা পাতিব লাগে।

 ৬। বৃত্তিমূলক শিক্ষাৰ দিশতত এই তিনি বছৰ পঢ়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ একে সময়তে সাধাৰণ শিক্ষাৰ হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষাৰ সমমানবিশিষ্ট চাৰ্টিফিকেট পৰীক্ষা পাতিব লাগে।

 ৭। হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা ’পাছ’ কৰাৰ পিছত সাধাৰণ শিক্ষাৰ দিশত চাৰি বছৰ কলেজীয়া শিক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে আৰু এই চাৰি বছৰৰ শেষত স্নাতক পৰীক্ষা পাতিব লাগে।

 ৮। হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষাৰ সমমান পৰীক্ষা ’পাছ’ কৰাৰ পিছত বৃত্তিমূলক শিক্ষাৰ দিশতো চাৰি বছৰ বৃত্তিমূলক কলেজীয়া শিক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে আৰু এই চাৰি বছৰৰ শেষত তাততা সাধাৰণ শিক্ষাৰ দৰে স্নাতক পৰীক্ষা পাতিব লাগে।

 ৯। বৃত্তিমূলক স্নাতক ডিগ্ৰী লাভৰ পিছত সকলোকে আত্ম নিৰ্ভৰশীল বৃত্তিত আত্মনিয়োগ কৰাৰ সুযোগ দিব লাগে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এই দিশতো স্নাতকোত্তৰ শ্ৰেণীত পঢ়াৰ আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত গৱেষণা কৰাৰ ব্যৱস্থা থাকিব লাগে।

 ১০। সাধাৰণ শিক্ষাৰ দিশত স্নাতক ডিগ্ৰী লাভৰ পিছত বৰ্তমানৰ দৰে স্নাতকোত্তৰ শ্ৰেণীত পঢ়া আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত গৱেষণা আদি কৰাৰ ব্যৱস্থা থাকিব লাগে।

 ১১। সাধাৰণ শিক্ষাৰ দিশত উচ্চ মাধ্যমিক পৰ্যায়ত শিক্ষণীয় বিষয়ৰ বোজা বৰ্তমানতকৈ কমাব লাগে। ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, অংকবিদ্যা, ভূগোল, বিজ্ঞান এই কেইটা বিষয় বাধ্যতামূলক কৰি ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী, বুৰঞ্জী আদি ঐচ্ছিক বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে।

 ১২। বৃত্তিমূলক শিক্ষাৰ দিশততা সাধাৰণ শিক্ষাৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ সমমানৰ শিক্ষাৰ সময়ছোৱাত শিক্ষণীয় বিষয়ৰ বোজা বেছি দিব নালাগে। তাতো এই