পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
সুৰ বিচাৰি বাৰ বছৰ

পণ্ডিতসকলে প্ৰকৃত উন্নতি বুলি গণ্য কৰিছিল। কিন্তু বৰ্তমানৰ উন্নতি বা প্ৰগতিৰ জোখমাখত আত্মাৰ উন্নতি বা সৎকৰ্ম, সজ চিন্তাৰ উন্নতি আদিৰ স্থান গৌণ। নীতি- দুৰ্নীতি যিকোনো প্ৰকাৰে অৰ্থাগমৰ পথ সুগম কৰি লাভ কৰা বস্তুৰ প্ৰাচুৰ্যইহে বৰ্তমান উন্নতিৰ মানদণ্ড। আজিৰ সমাজত সামাজিক উচ্চমূল্যবোধ বস্তুবাদী ভাবেৰে সৃষ্টি হোৱাৰ ফলত প্ৰাচীন আদৰ্শসম্ভূত জ্ঞানীসকলৰ আজি বিবেক দংশন উপস্থিত হৈছে। কৰ্তব্য অকৰ্তব্যৰ দংশনত অতীষ্ঠ হৈ বহুতো জ্ঞানীয়ে সমাজত সমাদৃত তথাকথিত বস্তুবাদী আদৰ্শভক্ত দুৰ্নীতিযুক্ত লোকৰ অনুগামী হোৱা দেখা গৈছে। জ্ঞানীৰ এই জীৱন প্ৰবাহ দেখিলে ধাৰণা হয়, বৰ্তমানৰ শিক্ষাত অন্তৰ্ভুক্ত প্ৰাচীন নীতি শিক্ষা এক ভীৰু প্ৰহসন মাত্ৰ। কিয়নো বৰ্তমানৰ শিক্ষাই যি নীতি শিক্ষা দিয়ে আজি তাক পালন কৰোতা প্ৰায় নাইকিয়া হৈ আহিছে। কোনোবাই পালন কৰিলেও প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সি বিদ্ৰুপৰ পাত্ৰ হোৱাহে দেখা যায়। আৰু এনে বিদ্ৰুপত অতীষ্ঠ হৈয়ো বহু নৈতিক বলত বলীয়ান লোকে দুৰ্নীতিৰ মাজত আত্মজাহ দিয়ে। বৰ্তমানৰ ত্ৰিশ শতাংশ ভাৰতীয় শিক্ষিত লোকৰ অধিকাংশই এনে আত্মঘাটী।

 লক্ষ্য কৰিলে দেখা যায় দুৰ্নীতিৰ ক্ষেত্ৰত অশিক্ষিত সকলতকৈ শিক্ষিতসকল বেচি ভয়াবহ। দুৰ্নীতিযুক্ত অশিক্ষিতবোৰে হয়তো জীয়াই থকাৰ নিম্মতম প্ৰয়োজনৰ বাবে দুৰ্নীতিৰে চুৰি চাতুৰি আদি কুকাৰ্যবোৰ কৰে। এইবোৰ দুৰ্নীতিপৰায়ণক সহজে চিনি পোৱা যায়। গতিকে নানা শাস্তি বিধান আদি কৰি হ’লেও এইবোৰৰ পৰা সমাজক ৰক্ষা কৰাৰ ব্যৱস্থা সহজে কৰিব পৰা যায়। দুৰ্নীতিপূৰ্ণ শিক্ষিতসকলক কিন্তু সহজে চিনা টান। এই শ্ৰেণীৰ শিক্ষিতসকল চিক্‌মিকিয়া পালিচৰ তলত থাকে। এওঁলোক ভদ্ৰ বেশৰ ঠগ, প্ৰবঞ্চক, চৌৰ্যবৃত্তিধাৰী অসাধু লোক। এওঁলোকে জীয়াই থকাৰ উচ্চতৰ বা উচ্চতম বিলাসী প্ৰয়োজনৰ বাবে সভ্য লোকৰ মুখা পিন্ধি কাগজে-কলমে চুৰি ডকাইতি আদি কুকাৰ্য কৰে। এই সকলৰ পৰাহে আজি সমাজক শুদ্ধ ৰূপে ৰক্ষা কৰাটো টান হৈ পৰিছে। বৰ্তমান দুৰ্নীতিৰ অত্যাচাৰ এনেভাবে চলিব ধৰিছে যে সমাজত সৎলোক অস্তিত্ব ৰাখি বাস কৰাটোৱে সমস্যা হৈ পৰিছে। কিন্তু এই সমস্যা দূৰীকৰণাৰ্থে নৈতিক বলত বলীয়ান সভ্য জ্ঞানীসকল ঐক্যবদ্ধ হৈ প্ৰস্তুত হ’বই লাগিব। এইটো নিশ্চিত সত্য বুলি ধৰি ল’ব লাগিব যে সতৰ চিন্তা সতে কৰি তাৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা নকৰিলে সতৰ এই সংখ্যাগৰিষ্ঠ অসতৰ সমাজত পৰিত্ৰাণ নাই। কিন্তু এইখিনিতে আন এটা মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা এই যে আত্মকেন্দ্ৰিক ভাবে সতে অকল সতৰ প্ৰতিৰক্ষাৰ কথা ভাবি কাৰ্যত নামিলে ভৱিষ্যৎ উত্তৰ পুৰুষৰ বিচাৰত সতে ৰক্ষা পোৱাটো টান হৈ