পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেউতাৰ সমস্ত লিখনি সযতনে সাঁচি থৈ দিলোঁ। ঘৰুৱা দায়িত্ব তথা নিজৰ পঢ়া-শুনাৰ ব্যস্ততাৰ বাবে প্ৰায় ১২ বছৰমান সেইবোৰ তেনেদৰেই পেলাই থ'বলগীয়া হ'ল। কিন্তু সেই বস্তুবোৰৰ প্ৰতি এটা কৌতূহলে মোৰ মনত অনবৰতে ক্ৰিয়া কৰি থাকিল।

 ইতিমধ্যে মই গৱেষণাৰ কামৰ বাবে শ্বিলঙত থাকিবলৈ লৈছিলোঁ। এবাৰ মই ঘৰলৈ আহোতে দেউতাৰ ‘অশান্ত জন্মভূমি’ (১৯৭৯ চনত প্ৰকাশিত) নামৰ দেশপ্ৰেমমূলক কবিতা পুথিখন মেলি ললোঁ। প্ৰথমে চকু পৰিল অসমৰ ওজা সাহিত্যিক প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাদেৱে লিখা অভিমতটোৰ ওপৰত। তেওঁ এঠাইত লিখিছে- 'বঙ্গাল’ৰ (বিদেশী) ষড়যন্ত্ৰমূলক হেঁচা নিবাৰণৰ অৰ্থে শ্ৰীমান উমেশ বৈশ্যৰ প্ৰাণত যিকুৰা জুই জ্বলিছে, তাৰ ৰূৰুৱনিত ভাষা উফৰি গৈছে...এই বাক্যশাৰীয়ে মোৰ মনত এক গভীৰ সাঁচ বহুৱাই দিলে। মই কিতাপখন পঢ়ি চালোঁ। তাৰ পিছত তীক্ষ্ণধী পণ্ডিত, সাহিত্যিক তীৰ্থনাথ শৰ্মাদেৱৰ পাতনি সম্বলিত ‘তই যুক্তি যুদ্ধ কৰ‘ (১৯৮০ চনত প্ৰকাশিত) কিতাপখন মেলি ললোঁ। এই দুখন কিতাপ পঢ়াৰ পিছত মই অনুভৱ কৰিলোঁ যে দেউতা আছিল এজন দুৰন্ত দেশপ্ৰেমিক। পৰৱৰ্তী সময়ত মই ১৯৮০ চনত প্ৰকাশিত পদ্মশ্ৰী অতুলচন্দ্ৰ হাজৰিকা আৰু কথাশিল্পী যোগেশ দাসৰ অভিমত সম্বলিত ‘মিলন’ কাব্যখন পঢ়ি চালোঁ। সৌভাগ্যক্ৰমে ১৯৮১ চনৰ অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিবেশনৰ নাহেন্দ্ৰ পাদুন সম্পাদিত অসম সাহিত্য সভা পত্ৰিকাত অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি বীৰেন বৰকটকীদেৱে লিখা মিলনৰ সমালোচনা এটা পঢ়িবলৈ পাওঁ। এই মহান ব্যক্তিসকলৰ অভিমত তথা সমালোচনা পঢ়াৰ পিছত মই নিশ্চিত হলো যে দেউতাৰ সাহিত্য সৃষ্টি বহুত উচ্চ পৰ্যায়ৰ আছিল। দেউতাৰ সৃষ্টিকৰ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা-ভক্তি আগতকৈও বহুগুণে বাঢ়িল। মই দেউতাৰ লিখনিবোৰ থকা আলমাৰিটো খুলি চালোঁ। পুৰণি ফাইল এটা হাতত লৈয়েই দেখা পালোঁ ‘প্ৰগতিৰ গান’ নামৰ দেশপ্ৰেমমূলক গীতৰ সংকলনখনৰ পাণ্ডুলিপিটো। ১৯৯০ চনতেই পণ্ডিত ড° হীৰেন গোহাঁই আৰু বিশিষ্ট কবি-সমালোচক নলিনীধৰ ভট্টাচাৰ্য্যদেৱৰ পাতনি সম্বলিত পাণ্ডুলিপিটো হাতত লৈ দেখা পালোঁ যে পুথিখন প্ৰকাশৰ বাবে কৰিবলগীয়া একো কামেই দেউতাই বাকী ৰখা নাছিল। মই বিভিন্ন গুণীজনৰ পৰামৰ্শক্ৰমে পৰিয়ালৰ সহযোগত ২০১০ চনত প্ৰগতিৰ গান প্ৰকাশ কৰি উলিয়াও।

 সেই উদ্যমতে দেউতাৰ ১৯৬৫ চনৰ পৰা বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্ৰকাশিত কিছু প্ৰৱন্ধ আৰু অপ্ৰকাশিত কিছু প্ৰৱন্ধ মই পঢ়ি চালোঁ। মূলতঃ সাহিত্য-কলা-সংস্কৃতি এইবোৰ বিষয়ৰ ওপৰত লিখা প্ৰৱন্ধসমূহ এটা এটাকৈ পঢ়ি চাই এজন গৱেষক ছাত্ৰ হিচাপে মই নিশ্চিত হ'লোঁ যে প্ৰতিটো প্ৰৱন্ধই একো একোখন উচ্চ পৰ্যায়ৰ গৱেষণা পত্ৰতকৈ বহুগুণে শ্ৰেষ্ঠ আৰু প্ৰতিটো প্ৰৱন্ধ আজিও প্ৰাসংগিক।