পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমত সাহিত্য চৰ্চাৰ সমস্যা


 স্কুলীয়া আলোচনীৰ পাততেই সাধাৰণতে ল’ৰা-ছোৱালীসকলৰ সাহিত্যৰ হাত শিক্ষা আৰম্ভ হয়। ল'ৰা-ছোৱালীসকলৰ বেছিভাগেই তেওঁলোকৰ গল্প, কবিতা আদি ছপা আখৰত দেখা পোৱাৰ আশাতে এইবোৰ লিখোঁতে ককাই-ভাই বা কোনো সম্বন্ধীয় লোকৰ আশ্ৰয় লয়। যি সকলৰ এনে আশ্ৰয় নাই সেই সকলৰ কিছুমানে অজ্ঞতা দোষত অইনৰ লেখাকে নকল আদি কৰি প্ৰকাশ কৰিবলৈ ইচ্ছুক হৈ পৰে আৰু কিছুমানে জনাই নজনাই নিজে লিখাৰ প্ৰয়াস কৰে। ঠিক এইদৰে শিশু ল’ৰা-ছোৱালীসকলে স্কুলীয়া আলোচনীৰ মাজেৰেই সাহিত্য ক্ষেত্ৰলৈ যোৱাৰ পথত প্ৰথম খোজ আগবঢ়ায়। শিশুসকলে তেওঁলোকৰ এনে লেখাবোৰ আলোচনীৰ সম্পাদক/সম্পাদিকাৰ হাতত দি তেওঁলোকৰ প্ৰতিজনেই নিজৰ লেখাখিনি ছপা আখৰত চাবলৈ বাটচাই থাকে।

 সম্পাদক/সম্পাদিকাসকলৰ বেছিভাগেই আকৌ সম্পাদনা কি বস্তু বুজি নাপায়। সেয়েহে তেওঁলোকে প্ৰবন্ধ, কবিতা আদি চাইচিতি ছপোৱাৰ উপযুক্তখিনি বাচি উলিয়াই সকলোখিনি ঠাক্-ঠিক্ কৰি দিবলৈ অনুৰোধ কৰে তেওঁলোকৰ শিক্ষাগুৰুসকলক; বিশেষকৈ আলোচনীৰ দায়িত্বত থকা শিক্ষক গৰাকীক। দায়িত্বত থকা শিক্ষক গৰাকীয়ে বা শিক্ষকসকলে লেখাবোৰ পৰীক্ষা-নিৰীক্ষা কৰি দিয়াৰ পিছত লেখাবোৰ ছপা হৈ ওলায়। যিসকল ছাত্ৰ-ছাত্ৰীৰ লেখা ছপা হৈ ওলায়, সেই সকলৰ মন আনন্দিত হয় আৰু এই আনন্দই তেওঁলোকক এখোজ এখোজকৈ সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়াই লৈ যায়। শিক্ষকৰ বাচনিত যি সকলৰ লেখা অনুপযুক্ত বিবেচিত হয়, সেইসকলৰ মনত সাময়িকভাৱে নিৰানন্দই দেখা দিলেও সাহিত্যৰ বীজ সুপ্ত হৈ থকা ল’ৰা-ছোৱালীসকলে এইদৰে বাৰে বাৰে চেষ্টা কৰি স্কুলৰ আলোচনীতে প্ৰথমে ভুমুকি মৰা দেখা যায়।

 শিশু সাহিত্যিকসকলৰ এই কুমলীয়া স্তৰত দৰাচলতে সাহিত্যৰ নিপুণ পথ প্ৰদৰ্শকৰ অতি প্ৰয়োজন। কিন্তু সেই পথ প্ৰদৰ্শকৰ সংখ্যা স্কুলসমূহত তেনেই তাকৰ বুলি ক’লেও অত্যুক্তি কৰা নহয়। বহু শিক্ষানুষ্ঠানত সাহিত্য চৰ্চাৰ নাম গোন্ধেই নাই। বহু স্কুল পুথিভঁৰালত শিশু সাহিত্যতো নাথাকেই; ডেকা, প্ৰৌঢ়,