বিদেশী সংস্কৃতিক সাৱটি থাকিব লগা হৈছিল। কিন্তু আজি আমি স্বাধীন। প্ৰশ্ৰয়
নিদিলে বিদেশী সংস্কৃতিয়ে আমাক আৰু জোৰকৈ হেঁচি ৰাখিব নোৱাৰে। আমাৰ
সৃষ্টিক কোনোৱে ভেটিব নোৱাৰে। কিন্তু দেখা গৈছে, ৰাজনৈতিক বাধা নাথাকিলেও
দীৰ্ঘ দিনৰ দাসত্বৰ ভাবধাৰাই আজিও আমাৰ শিল্পীসকলৰ মনক দমিত কৰি
ৰাখিছে। শিল্পীসকলক সেয়েহে বিদেশী কলা-কৃষ্টিৰ মোহত অন্ধ হৈ থকা দেখা
যায়। স্বাধীনতা লোৱাৰ আগৰ ছোৱাৰ কথা যিয়েই নহওক, অন্ততঃ পিছৰছোৱাত
অসমত শাস্ত্ৰীয় সঙ্গীতৰ চৰ্চা বাঢ়িব লাগিছিল। কিন্তু বাঢ়িব দূৰৰ কথা ভাৰতীয়
সঙ্গীতৰ মান অসমত কমা যেনহে লাগে। ভাৰতীয় সঙ্গীতৰ ওপৰত চিন্তাযুক্ত
সাধনা নথকা বাবে আজি পৰ্য্যন্ত অসমত সৰ্বভাৰতীয় খ্যাতিসম্পন্ন শিল্পী বেছি
ওলাব পৰা নাই। সঙ্গীত ভক্ত যোগ্য অভিভাৱকৰ উপযুক্ত প্ৰচেষ্টাৰ গুণত অসমৰ
পৰা পাৰবীণ চুলতানাই সাহসেৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ওপৰত সাধনা কৰি
ভাৰত বিখ্যাত সঙ্গীতজ্ঞসকলৰ মাজত অলপ ঠাই ল'ব পাৰিছে। অসমৰ বাবে ই
গৌৰৱৰ কথা। বীৰেন ফুকন, লক্ষী নেওগ (চুটিয়া), সুধীৰ চৌধুৰী আদি
কেইজনমান শিল্পীয়ে অশেষ কষ্ট কৰি ভাৰতীয় সঙ্গীত-কলাৰ ওপৰত সাধনা কৰি
আছে। কিন্তু তেওঁলোকৰ পৰা অসম বৰ বেছি উপকৃত হোৱা বুলি ক'ব নোৱাৰি।
অসমীয়া গীত-মাতৰ জগত আজি কক্ষচ্যুত হৈছে। ইয়াক সৎ পথত আনিবৰ বাবে শিল্পীসকলে চিন্তা কৰাৰ সময় হৈছে। সমাজ পৰিৱৰ্তন কৰাত শিল্পীসকলে এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে। ইচ্ছা কৰিলে এওঁলোকে শিল্প শক্তিৰ বাঘজৰীৰে সমাজক পুতলা সাজি নচুৱাব পাৰে। সমাজে কিন্তু হঠাতে জোৰ কৰি শিল্পীৰ ৰুচি পৰিৱৰ্তন কৰিব নোৱাৰে। বিচাৰ বুদ্ধিহীন সতি-সন্তানক জ্ঞানী, আদৰ্শ পিতৃয়ে সজ কৰি ল'ব পৰাৰ দৰে; চঞ্চল অবুজ ল'ৰা-ছোৱালীৰ সমদলক আদৰ্শ শিক্ষকে সুশিক্ষা দিব পৰাৰ দৰে; বিশৃংখল আৰু অবাঞ্চিত ভাবে য’তে-ত’তে গজি উঠা বন জংঘলক কাটি-কুটি আদৰ্শ মালীয়ে পৰিকল্পিত ফুলনি সাজিব পৰাৰ দৰে মানসিক নেতৃস্থানীয় সু-শিল্পীসকলেও কুপথে যোৱা সমাজক প্ৰকৃত পথৰ সন্ধান দিব পাৰে।
ঋষি টলষ্টয়ে ক'বৰ দৰে লেতেৰা বস্তুৰে ঠাই চিকুণাব নোৱাৰি। চিকুনালেও মলিবোৰ য’তে-ত’তে লাগি ঠাইখিনি বেছিকৈ লেতেৰা হোৱাৰহে আশঙ্কা থাকে। বিদেশী লেতেৰা কলা-কৃষ্টিক আমদানি কৰি তাকেই নানা ৰূপত সৃষ্টি কৰা অপৱিত্ৰ শিল্পৰ দ্বাৰায়ো আমাৰ দোষযুক্ত সমাজখন চিকুণাব নোৱাৰি। চিকুণোৱাৰ প্ৰচেষ্টা ল’লেও বেয়াবোৰ বিভিন্ন পথেদি প্ৰৱেশ কৰি দেশখন নষ্ট কৰাৰহে আশংকা