পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শাস্ত্রীয় সংগীতৰ সাধক প্রয়াত বৈশ্যৰ দুখবােধ তীব্রভাবে প্রকাশিত হৈছে। ‘আমাৰ সংগীত কলাৰ বর্তমান অৱস্থা’ শীর্ষক প্রবন্ধটিত। তথাকথিত আধুনিকতাই গ্রাস কৰা অসমীয়া পুৰাতন কৃষ্টিৰ পথাৰখন আৰু তাৰ কাৰণসমূহৰ বিজ্ঞানসম্মত বিশ্লেষণে প্রবন্ধটিৰ সৰহ সংখ্যক ঠাই অধিকাৰ কৰিছে। শিক্ষা ব্যৱস্থাত অনাদৃত সংগীত কলাৰ বাবেই যে সাংস্কৃতিক দাৰিদ্ৰ্যৰ জন্ম সেই কথা উন্মুক্ত হৈছে। প্রসিদ্ধ পণ্ডিত বেণুধৰ শৰ্মাৰদ্বাৰা উচ্চ প্রশংসিত প্রবন্ধটি সংকলনখনৰ বৈভৱৰ অন্যতম প্রতীক।

 পশ্চিমীয়া শিক্ষানীতিৰ গভীৰ আলােকপাত আৰু ভাৰতবৰ্ষত তাৰ প্ৰয়ােগৰ ফলত শিক্ষাক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাৰ উল্লেখ কৰি শিক্ষা পদ্ধতি সংস্কাৰ কৰাৰ বাবে ভালেমান পৰামর্শ সন্নিৱিষ্ট হৈছে ‘বর্তমান শিক্ষাপদ্ধতিৰ আমূল পৰিৱৰ্তনৰ উপায়’ শীর্ষক প্রবন্ধটিত। এগৰাকী শিক্ষকৰূপে কৰ্মৰত প্রয়াত বৈশ্যই নিজস্ব অভিজ্ঞতা আৰু সূক্ষ্ম দৃষ্টিকোণেৰে আগবঢ়োৱা পৰামর্শসমূহ আজিৰ সময়তাে প্রাসংগিক। প্রবন্ধটিত ৰাজনৈতিক অনগ্ৰসৰতাৰ প্রসংগইয়াে ভুমুক দিছে।

 ‘অসমত সংগীতৰ ৰূপ’আৰু ভাৰতীয় সংগীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা’এই দুটি বিশ্লেষণাত্মক আলােচনাৰে পৰিপুষ্ট প্রবন্ধত লেখকৰ শিল্পীসুলভ সচেতনতা উদ্ভাসিত হৈছে। অসমীয়া সংগীতৰ স্বকীয়তা ৰক্ষার্থে শিল্পী সমাজৰ কৰণীয় কার্যৰ বিষয়ে আলােকপাত কৰা প্রবন্ধ দুটা বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সম্পাদিত নৱযুগত প্রকাশিত। প্রবন্ধ দুটাৰ মানদণ্ড সন্দৰ্ভত কোনাে প্রশ্নৰ অৱতাৰণা নহয়।

 বিশ্বভাৰতী কলাভৱনৰ অধ্যক্ষ প্রসিদ্ধ শিল্পী প্রয়াত নন্দলাল বসুৰ মূল প্রবন্ধৰ অনুবাদ ‘শিক্ষাত শিল্পৰ স্থান’য়ে প্রয়াত বৈশ্যক এগৰাকী সফল অনুবাদকৰূপে পৰিচিতি দিছে। গম্ভীৰ বিষয়বস্তুৰ প্ৰবন্ধটিয়ে শিক্ষা আৰু শিল্পৰ সহাৱস্থান সম্পর্কীয় ধাৰণা শক্তিশালীৰূপে উপস্থাপন কৰিছে।

 সংস্কৃত আলংকাৰিকসকলৰ ধাৰণাৰ ভিত্তিত ক্ষেত্রমােহন গােস্বামীৰ ‘গীতৰ দোষ-গুণ’ শীর্ষক প্রবন্ধটি অনুবাদকৰূপে প্রয়াত বৈশ্যৰ প্ৰাঞ্জলতা, স্বচ্ছতা আশ্বর্যজনক।

 প্রবন্ধ সংকলনখনত প্রয়াত বৈশ্যৰ দ্বাৰা ৰচিত দুটি কবিতা আৰু দুটি গীত সন্নিৱিষ্ট কৰা হৈছে। কাব্যিক আৰু সাংগীতিক দিশত তেখেতৰ ব্যুৎপত্তিৰ পৰিচায়ক কবিতা আৰু গীত দুটাই জাতীয়তাবাদী মননৰ সৈতে প্রগতিশীল দৃষ্টিভংগীও মূর্ত কৰিছে।

 প্রয়াত উমেশ বৈশ্যৰ সৃষ্টিৰ বৰ্ণময় জগতত বিচৰণ কৰি তেখেতৰ বর্ণিল প্ৰতিভাৰ উম পােৱাটো আমাৰ বাবে অনাবিল প্রাপ্তিৰ সঁফুৰা...


২৮ অক্টোবৰ, ২০১৫

নীলােৎপল শর্মা
মাে.- ৯৪০১১৮৪৬৫২