পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
শিক্ষাত শিল্পৰ স্থান

পার্থক্যটোও বুজি নাপায়; জাপানী সৰু সৰু পুতলাক শিল্পৰ শ্ৰেষ্ঠ নিদর্শন বুলি ভাবি লৈ অবাক হৈ থাকে। বিশ্ৰী ৰং কৰা ৰঙা-নীলা বেগুণী জার্মান কাগজ দেখি চকুৰ কষ্ট বােধতাে নকৰেই, বৰং উপভোেগহে কৰি থাকে; সহজ প্রাপ্য সস্তীয়া মাটিৰ কলহৰ পৰিৱর্তে প্রয়ােজনৰ দোহাই দি টিনৰ পাত্ৰ ব্যৱহাৰ কৰে।

 ইয়াৰ বাবে দায়ী দেশৰ শিক্ষিত সমাজ আৰু প্ৰধানকৈ বিশ্ববিদ্যালয়। আপাত দৃষ্টিত বিদ্যাৰ ক্ষেত্ৰত দেশবাসীৰ সংস্কৃতি যিমান বাঢ়িছে বুলি ভবা হয়, ৰসবােধৰ দৈন্যও ক্রমশঃ সিমান কষ্টদায়ক হৈ উঠিছে। ইয়াৰ প্ৰতিকাৰৰ উপায় তথাকথিত শিক্ষিত সমাজত কলা-শিক্ষাৰ ব্যাপক ভাৱে প্রচলন কৰা; কাৰণ এই শিক্ষিত সমাজেই জনসাধাৰণৰ আদর্শ স্বৰূপ। সৌন্দৰ্য্যবােধৰ অভাৱত মানুহে যে কেৱল ৰসৰ ক্ষেত্ৰতেই বঞ্চিত হয়, এনে নহয়, মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ফালৰ পৰাও সি ক্ষতিগ্রস্ত হয়। সৌন্দর্য জ্ঞানৰ অভাৱত যি সকলে চোতালে-ঘৰে আবৰ্জনা সঞ্চয় কৰি ৰাখে, নিজৰ দেহৰ আৰু পােচাক-পৰিচ্ছদৰ মলি চাফ নকৰে, ঘৰৰ বেৰ, বাটে-পথে, ৰেলগাড়ীত পাণৰ পিক আৰু থু-খেকাৰ পেলায়, সেই সকলে যে কেৱল নিজৰেই স্বাস্থ্যৰ ক্ষতি কৰে এনে নহয়, জাতিৰ স্বাস্থ্যৰাে ক্ষতি কৰে। তেওঁলােকৰ দ্বাৰা যেনেকৈ সমাজ দেহত নানা ৰােগ সংক্রামিত হয়, তেনেকৈ তেওঁলােকৰ কুৎচিত আচৰণৰ কু-আদর্শও জনসাধাৰণৰ মাজত বিয়পি পৰে।

 আমাৰ মাজত এটা দল আছে— যিয়ে বিলাসী আৰু ধনী ব্যক্তি সকলকেই কলা চৰ্চাৰ একমাত্ৰ অধিকাৰী বুলি ভাবি লৈ দৈনন্দিন জীৱন যাত্ৰাৰ পৰা অৱজ্ঞাৰে কলাক নিৰ্বাসিত কৰি ৰাখিবলৈ খােজে। তেওঁলােকে পাহৰি যায় যে সুষমাই শিল্পৰ প্ৰাণ, টকাৰ মূল্যই শিল্প বস্তুৰ বিচাৰ কৰিব নােৱাৰে। গৰীৱ চাওঁতালে তাৰ মাটিৰ ঘৰটিকে সাজিকাচি মাটিৰ বাচন আৰু ফটাচিৰা কাপােৰ-কানিখিনিকেই পৰিপাটিকৈ ৰাখে। আকৌ কলেজীয়া অনেক শিক্ষিত ল'ৰাই প্রাসাদ সদৃশ হােষ্টেলৰ বা মেচৰ ঘৰত দামী কাপােৰ, আচ্‌বাব্‌ আদি য’তে ত’তে পেলাই বিশৃংখল কৰি ৰাখে। ইয়াত দেখা গৈছে দৰিদ্ৰ চাওঁতালৰ সৌন্দর্যবােধ, তাৰ জীৱন যাত্রাৰ অঙ্গীভূত আৰু প্ৰাণৱন্ত। ধনী সন্তানৰ সৌন্দর্যবােধ পােছাকী আৰু প্রাণহীন। কেলেণ্ডাৰৰ মেম-চাহেবৰ ছবিক ফ্রেমত বন্ধাই ভাল ছবিৰ কাষত স্থান দিয়াও অনেক শিক্ষিত লােকৰ ঘৰত দেখা যায়। ছাত্র মহলত ছবিৰ ফ্ৰেমৰ পৰা কাপােৰ ওলমি থকা, পঢ়া মেজত চাহৰ কাপ, আর্চী-ফণি আৰু কোকোৰ টিনত কাগজৰ ফুল সজাই থােৱা দেখা যায়। প্রসাধনত কাপােৰৰ ওপৰত বুকুখোলা কোট,