পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সুৰ বিচাৰি বাৰ বছৰ

খাঁ, বিলায়েৎ খাঁ, নিশাদ হুচেইন খাঁ, আহমদজান বেৰ কাঢ়া, ৰবিশঙ্কৰ আদিৰ নাম উল্লেখ কৰিব পাৰে। কলাৰ ওপৰত আজীৱন তপস্যা কৰিয়েই আজি তেওঁলােক বিশ্বৰ নমস্য হ’ব পাৰিছে। তেওঁলােকৰ সঙ্গীতৰ ব্যৱহাৰিক জ্ঞানৰ তুলনা নাই। ডিগ্রীহীন বিশ্ববিখ্যাত সঙ্গীতজ্ঞসকল থাকিল বুলিয়ে যে সঙ্গীতৰ ডিগ্রী ল’ব নালাগে এনে নহয়। ডিগ্ৰী ল'ব লাগে, কিন্তু এইখিনি কথা মনত ৰখা উচিত যে বিশেষকৈ সঙ্গীতৰ ক্ষেত্ৰত ব্যৱহাৰিক জ্ঞানহীন ডিগ্ৰীৰ কোনাে বিশেষ মূল্য নাই। ডিগ্রী লাভ কৰাৰ লগে লগে শিকিব লগা সকলাে কথাৰে শেষ বুলি ভাবি লৈ তাৰ ওপৰত গুৰুত্ব আৰােপ কৰি সাধনা নকৰিলে শিল্পীৰ কৃতকার্যতা আহিব নােৱাৰে। আমাৰ সমাজত আজি ঠিক এই অৱস্থাটোকে দেখা গৈছে। যিসকল শাস্ত্রীয় সংগীত শিল্পীয়ে বাহিৰলৈ গৈ ডিগ্রী লৈ আহি অসম সােমাল, সেই সকলে কৃতকার্যতাৰে সৈতে সুশ্রাব্য সঙ্গীত পৰিবেশন কৰিব নােৱাৰা বাবে আজি গুণী মহলৰ পৰা সঙ্গীতজ্ঞ হিচাবে স্বীকৃতি পােৱা নাই। কিন্তু আনহাতে ঠায়ে ঠায়ে স্কুল-কলেজ পাতি হয়তাে জীয়াই থকাৰ প্রস্তুতিৰে তেওঁলােকে উঠি অহা শিল্পীসকলক এটা কৃত্রিম শিক্ষা দি অর্থহীন ডিগ্ৰীৰ অধিকাৰী কৰিছে। এই ডিগ্রী পােৱাৰ লগে লগে সঙ্গীতজ্ঞ হােৱাৰ দূৰন্ত কামনাৰে যি কলা চর্চা অসমত ৰূপ লৈ উঠিছে, ই সুন্দৰ কলা সৃষ্টি কৰিব পাৰিছে বুলি কোৱা টান। সঙ্গীত কলা গুৰুমুখী বিদ্যা। গুৰুবিনে এই কলাটো সম্ভৱ নহয়। পানী থােৱা পাত্ৰটোৰ গঢ় লােৱাৰ দৰে শিষ্যৰ ওপৰত গুৰুৰ প্ৰভাৱ পৰে। সঙ্গীতৰ ক্ষেত্ৰত সেয়েহে বিশেষকৈ গুৰু-শিষ্যৰ নির্বাচন মন কৰিবলগীয়া। গুৰু, শিষ্য আৰু শিক্ষা এই তিনিওটাৰ সু-সমন্বয়তহে সুন্দৰ কলাই ৰূপ লৈ উঠে। ইয়াৰ কোনােবা এটা নহ'লেও সুন্দৰ কলা সৃষ্টি হ’ব নােৱাৰে।

 মানৱ জীৱনত সঙ্গীতৰ অনিবার্যতা আছে। সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে আমি উপলব্ধি কৰিলেও সঙ্গীতৰ ওপৰত বর্তমান সমাজে পৱিত্ৰ ভাব আৰােপ নকৰে। ল'ৰা-ছােৱালীয়ে সঙ্গীতত আত্মনিয়ােগ কৰিলেই অভিভাৱকসকলে পুৰণি কালৰ কথা নকওঁৱেই, আজিও কুপথে যােৱা বুলি জ্ঞান কৰে। কিন্তু প্রকৃত সঙ্গীতে ল'ৰা-ছােৱালীক কুপথে নিনিয়ে বৰং চিন্তাশীল আৰু ধৈর্যবানহে কৰে। লিখা-পঢ়াত ই অনিষ্ট সাধন কৰা বুলি ভবা কথাটো অর্থহীন। যাজ্ঞবল্কই এঠাইত কৈছে—

“বীণা বাদন তত্ত্বজ্ঞঃ শ্রুতি জাতি বিশাৰদঃ
তালজ্ঞশ্চাপ্রয়াসে মােক্ষামাং চ গচ্ছতি।।”