পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
সুৰ বিচাৰি বাৰ বছৰ


 এই উদ্দেশ্য আগত লৈয়েই আজি প্ৰায় দহ বছৰমান আগতে কেইজনমান কলামোদী লোকে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সদৌ অসম সঙ্গীত সন্মিলন স্থাপন কৰে। কিন্তু অতি পৰিতাপৰ বিষয়, নানা প্ৰতিকূল পৰিবেশৰ কাৰণেই হওঁক বা মুখ্য কৰ্মীসকলৰ ক্ষমতা প্ৰয়োগৰ অপচেষ্টাতেই হওঁক, নিচেই কম সময়ৰ ভিতৰতেই সন্মিলনৰ অগ্ৰগতি বন্ধ হৈ পৰে। সন্মিলন চলি থকা বছৰ কেইটাত অসমৰ বহু ঠাইতে সঙ্গীতৰ বিকাশ ঘটিছে। কিন্তু ই তেনেই নগণ্য।

 অসমত সঙ্গীত চৰ্চা, বিশেষকৈ অসমীয়া আৰু ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ চৰ্চা জনপ্ৰিয় কৰা, সঙ্গীত শিক্ষাৰ মান আৰু পদ্ধতি নিৰ্দ্ধাৰণ কৰি শিক্ষাদানৰ সু- ব্যৱস্থা কৰা, মৃতপ্ৰায় অসমৰ গীত-মাত আদি উদ্ধাৰ কৰা আৰু অসমৰ বিভিন্ন ঠাইত সঙ্গীত সন্মিলনৰ শাখা স্থাপন কৰি সদৌ অসম ভিত্তিত এটা শক্তিশালী সংঘ সঙ্গীত সন্থা স্থাপন কৰাই আছিল সন্মিলনৰ মুখ্য উদ্দেশ্য। কিন্তু অসমীয়া শিল্পীৰ কৰ্মতৎপৰতাৰ অভাৱত উদ্দেশ্যবোৰ কিতাপৰ পাততেই লিখা ৰ'ল। কাৰ্যত হ'লে পৰিণত নহ'ল। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও আদি ঠাইত সন্মিলন হৈ যোৱা বাবে সেই ঠাইবোৰত কমকৈ হ'লেও সঙ্গীত চৰ্চাৰ প্ৰেৰণাই মূৰ দাঙি উঠিছে। সন্মিলন যদি চলি থাকিলহেঁতেন, অসমৰ মৃতপ্ৰায় গীত-মাতবোৰ উদ্ধাৰ হোৱাৰ উপৰিও সঙ্গীতৰ মান, চৰ্চা আদি বৃদ্ধি হ'লহেঁতেন। নানা ঠাইৰ উচ্চাঙ্গ সঙ্গীতজ্ঞ- সকলৰ সঙ্গীত শুনি অসমৰ শিল্পীবৃন্দই তথা ৰাইজে উচ্চাঙ্গ সঙ্গীত কি, তাক কিছু পৰিমানে হ'লেও উপলব্ধি কৰিব পাৰিলেহেঁতেন। কিন্তু সন্মিলন বন্ধ হোৱা বাবে অসমে এই সকলোবোৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগাত পৰিছে।

 শিল্পীসকলৰ একতা নহ'লে আমাৰ সঙ্গীত কলা ভালদৰে জীয়াই নাথাকিব। অসমত শিল্পীসকলৰ একতাৰ পূৰ্ণ অভাৱ ঘটিছে। অসমৰ বাহিৰলৈ গৈ বৈজ্ঞানিক পদ্ধতিত শিক্ষা গ্ৰহণ কৰা কলাকাৰসকলে একগোট হৈ সঙ্গীতৰ উন্নতি কল্পে চেষ্টা কৰা উচিত। মৃত সদৌ অসম সঙ্গীত সন্মিলনক পুনৰ জীৱন দি নতুন উদ্যমেৰে নতুন মনোবল লৈ ন-পুৰণি শিল্পী বৃন্দই তথা কলামোদী ৰাইজে যদি নতুন আঁচনি হাতত লৈ আগবাঢ়ি যায়, অদূৰ ভৱিষ্যতে যে আমাৰ গীত-মাতৰ জগতখন উন্নত হৈ পৰিব তাত কোনো সন্দেহ নাই।



^ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত 'নবযুগ’ত প্ৰকাশিত, ১৫ ডিচেম্বৰ ১৯৬৫ চন।