পৃষ্ঠা:সিপুৰীৰ বাতৰি.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২১)

  বাসনাৰ বল জ্বলিল প্ৰৱল;
  মন টলবল, বাৰিষাৰ ধল;
সৰগলৈ কেতিয়াও নাযাওঁ উলটি।
থাকিম ইয়াতে মই কৰি লাটি-পুটি।

(২২)

  কি হব, কি হব, কোনে আনি দিব
  দেহাটি পাৰ্থিব মধুৰ অতীব
নালাগে, নোৱাৰোঁ মই আহিব ইয়ালৈ।
সতীয়ে মোক বিচাৰি যাব সৰগলৈ!

(২৩)

  কৰিলোঁ দৰ্শন আত্মীয় স্বজন,
  ইষ্ট বন্ধুগণ, প্ৰজা অগণন;
দেখি পৃথিবীলৈ মোৰ বাঢ়িল মৰম।
হব নে ধৰাত মোৰ দুনাই জনম?

(২৪)

  অসমীয়া জন দুখী আজীৱন;
  ধৰিছে জীৱন যেন তৰু-বন;
জগতত অসমীয়া নিঃকিঞ্চন আতি।
বিলুপ্ত হব নে হাঁয় এই মহাজাতি?