পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰথি

সিহঁতে কেৱল আহাৰ কৰি, নিদ্ৰা গৈ, আৰু সন্তান উৎপাদন কৰি সংসাৰত জীৱন কটোৱা উচিত নহয়; সেইদৰে জীৱন কটালে মানুহ আৰু পশুৰ ভিতৰত কোনো ভেদাভেদ নাথাকে। মানুহে জ্ঞানৰ কৰ্ম্ম কৰিলেহে মানুহ নামৰ গৰাকী হ'ব পাৰে।

 জ্ঞানৰ কৰ্ম্ম কি? এই প্ৰশ্নৰ উত্তৰ ঠাৱৰাবলৈ আমি নতুনকৈ আন্দোলন আলোচনা কৰিব নালাগে, ইয়াৰ উত্তৰ আগৰ পৰা থিৰাং হৈ আছে। মানুহ উৎপত্তি হবৰ আজি অনেক যুগ হ'ল, ইয়াৰ ভিতৰত অনেক আৰু বুদ্ধিমন্ত মানুহে উপজি সংসাৰত বাস কৰি, মৰি গৈছে। সেই জ্ঞানীবিলাকে সংসাৰ বাস সম্বন্ধে বহুত আলোচনা কৰি এটা স্থিৰ সিদ্ধান্ত কৰি থৈছে। পাচত যিবিলাক জ্ঞানীৰ জন্ম হৈছিল, তেওঁলোকেও সেই সিদ্ধান্ত কৰি থৈছে। পাচত যিবিলাক জ্ঞানীৰ জন্ম হৈছিল, তেওঁলোকেও সেই সিদ্ধান্ত যুক্তিসঙ্গত দেখি, সেইদৰে চলি জীৱন কটাইছিল। আমিও সেই সিদ্ধান্ত মতে চলিলেই সংসাৰত সুখে সুকলমে জীৱন কটাব পাৰিম, ইয়াৰ কোনো সন্দেহ নাই।

 আগৰ জ্ঞানীবিলাকৰ ভিতৰত দুই শ্ৰেণীৰ মানুহ আছিল। এই দুই শ্ৰেণীৰ মানুহে দুই ৰকমে সিদ্ধান্ত কৰি গৈছে। কিন্তু সিদ্ধান্ত দুৰকম হলেও, সিহঁতৰ মূল একোটা মাথোন। দুয়ো শ্ৰেণীৰ পণ্ডিতে কয় যে, মানুহে সংসাৰত থকা দিন কেইটা সদায় উধাবলৈ চেষ্টা কৰি কটোৱা উচিত, পশু জাতিৰ নিচিনা কেৱল খাই শুই কটোৱা উচিত নহয়। এই খিনিলৈকে দুয়ো শ্ৰেণী পণ্ডিতৰ মিল। কিন্তু কোন বিষয়ত উধাবলৈ চেষ্টা কৰা উচিত, এই কথাত তেওঁলোকৰ মিল নাই, এই সম্বন্ধে ভিন ভিন পণ্ডিতে কয় যে সংসাৰখন কেৱল ভুৱা, তাৰ বিভূতি বৈভৱ কেৱল ফাঁকি, সংসাৰৰ প্ৰাণীবিলাক পানীৰ বুৰবুৰণিৰ নিচিনা খন্তেকীয়া, এই আছে এই নাই। এতেকে খন্তেকীয়া জীৱনত মিছা বিভূতি বৈভূৱৰ নিমিত্তে হাবাথুৰি খাই ফুৰাৰ কোনো কাৰণ নাই, কেৱল পৰকালৰ অনন্ত জীৱনৰ উদ্‌গতিৰ নিমিত্তে দেহেকেহে চেষ্টা কৰি জীৱন কটোৱা উচিত। এই মত সাৰোগত কৰি, বহুত মানুহে সংসাৰৰ সুখ সম্পদ এৰি দি কোনোৱে বৈৰাগী হৈ দিহিঙ্গে দিপাঙ্গে ফুৰিছে, কোনোৱে সন্ন্যাসী হৈ জটা-বাকলি পিন্ধি কেৱল ঈশ্বৰ চিন্তাত দিন কটাইছে। দ্বিতীয় শ্ৰেণীৰ পণ্ডিতবিলাকে এই মত ষোল কলায় সমৰ্থন নকৰে। তেওঁলোকে কয় যে সংসাৰ বা সংসাৰৰ সুখ সম্পদ ভুৱা নহয়, তাত সাৰুৱা বস্তু আছে। সংসাৰত থকা কালখিনি সুখেৰে কটাবলৈ ঈশ্বৰে দয়া কৰি মানুহক সুখৰ আয়োজন কৰি দিছে; তাক পৰিহাৰ কৰি সন্ন্যাসী বা বৈৰাগী হ'লে আদৰক নেওচন দিয়া হয়, আৰু ঈশ্বৰৰ ইচ্ছা অৱজ্ঞা কৰা হয়।