পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
পদ্য


নাক —— তিলৰ ফুল যেন।
দাতঁ —— মুকুতাৰ নিচিনা।
ওঁঠ —— বিম্ব ফলৰ নিচিনা।
হাত —— পল্লৱ (গছৰ পাত) যেন।
উৰু —— ৰম্ভা(কল-গছ) যেন, বা হাঁতিৰ শুঁৰ যেন।
ডিঙি —— সিংহৰ ডিঙি যেন।
কঁকাল —— ডম্বৰৰ মাজ ডোখৰ যেন।
পানী —— ফটিক যেন।
মাত —— কুলি চৰাইৰ নিচিনা।
ভূৰূ —— ধেনুৰ নিচিনা।
চুলি —— সাপৰ নেজ যেন।
বৰণ —— গোলাপ বা পদুমৰ পাহিৰ নিছিনা।
ৰঙ্গা —— লাতুৰ মণি যেন।
সোৱাদ —— অমৃত বা মৌ যেন।
টেঙা —— চুন যেন।
পণ্ডিত —— বৃহস্পতিৰ নিচিনা।
গম্ভীৰ —— পৃথিবী যেন।
গভীৰ —— সাগৰ যেন।
ওখ —— তাল গছৰ নিচিনা।
অটল —— পৰ্বতৰ নিচিনা।
ৰূপ —— কাৰ্তিক ৰা ৰতিপতিৰ (কামৰ) নিচিনা (পুৰুষ)
 ৰতি বা লক্ষীৰ নিচিনা [স্ত্ৰী]
কুমলীয়া—— তিঁয়হৰ জালি যেন।
কোমল —— লৱণু বা গাখীৰৰ ফেন যেন।