চুৰ কৰি কৰি কথা কৈছিল। বিদ্যাৰ চুলি সাপৰ নেজত কৈও ভাল আছিল বুলি নকয়; সাপে চুলি দেখি লাজতে গাতত লুকাল বুলিহে কৈছে। কথা এই দৰে লিখিলে কবিতাৰ ৰস বাঢ়ে। এটা উদাহৰণ দিওঁ চোৱা।—
“আজীবন দুখত জীৱন ধৰাতকৈ জীৱনত জীৱন জাহ দিয়াই ভাল।”
এই কথাটোত আচল ভাবটো গোপন কৰি লিখা হৈছে। “জীৱন” শব্দৰ অৰ্থ দুটা, প্ৰাণ আৰু পানী। সিহঁত দুইকো একে ঠাইতে লগ কৰাই ভাবটো কিছু অস্পষ্ট হৈছে।
উপমা সাহিত্যৰ এবিধ প্ৰধান অলঙ্কাৰ। ইয়াৰ দ্বাৰাই
দুটা কৰ্ম্ম সিদ্ধ হয়। কোনো ঠাইত উপমা দিলে কথা
ধুনীয়া হয়, কেতিয়াবা ভাবটো উত্তম ৰূপে প্ৰকাশ পায়।
ইয়াৰ ব্যৱহাৰ কৰিবৰ দুটা নিয়ম আছে। এক ৰকমে,
যিটো বস্তুৰ লগত যাৰ মিল, সিহঁত দুয়োকো একে লগে
লিখিলেই হয়; যেনে, সি ভীম। ইয়াৰ দ্বাৰাই বুজা গল,
যে সি ভীমৰ নিচিনা পৰাক্ৰমী। কেতিয়াবা এই দৰে নিলিখি
কথাটো ঘুৰাই কয়; যেনে, তাৰ পৰাক্ৰম দেখিলে
ভীমেও তলমূৰ কৰে। কোন বস্তুৰ লগত কোনোটোৰ
তুলনা হয় তাৰ একো নিয়ম নাই। কিন্তু কবি বিলাকে
কিছুমান বস্তু আন কিছুমান নিৰ্দিষ্ট বস্তুৰ লগত সদাই
তুলনা কৰে। তাৰে কেইটামান তলত দিয়া গল।—
মুখ— জোনৰ নিচিনা।
চকু— পদুম ফুল যেন (পুৰুষ)।
হৰিণীৰ চকু যেন (স্ত্ৰী)।