পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সাধনা


হোৱাটো প্ৰতিপন্ন হয়, তেনেকৈয়ে অৱস্থাভেদে জাতৰ উঠা-নমাও স্থিৰ হয়। সেই দেখিয়েই আমি পঢ়িবলৈ পাওঃ—

ব্ৰহ্মতত্ত্বং ন জানাতি ব্ৰহ্মসূত্ৰেণ গৰ্ব্বিতঃ।
তেনৈৱ চ স পাপেন বিপ্ৰঃ পশুৰুদাহৃতঃ॥

 অৰ্থাৎ ব্ৰহ্মতত্ত্ব নজনাকৈ যি বিপ্ৰ ব্ৰহ্মসূত্ৰ ধাৰণ কৰি গৰ্ব্বিত হয়, তেওঁ সেই পাপৰ বাবে পশু নাম পায়।

 আকৌঃ—

জন্মনা জায়তে শূদ্ৰঃ সংস্কাৰাদুচ্যতে দ্বিজঃ।
ৱেদাভ্যাসাদ্বৱেদ্বিপ্ৰো ব্ৰহ্ম জানাতি ব্ৰাহ্মণঃ॥

 অৰ্থাৎ মানুহ জন্মত শূদ্ৰ, সংস্কাৰ হলে দ্বিজ, বেদ পঢ়িলে বিপ্ৰ আৰু ব্ৰহ্মক জানিলে ব্ৰাহ্মণ হয়।

 পূৰ্ব্বকালত যে জাত জন্মগত নহৈ কৰ্ম্মগতহে আছিল, তাৰ ভূৰি ভূৰি উদাহৰণ বেদ-ব্ৰাহ্মণাদিৰ পৰা আৰম্ভ কৰি পুৰাণ-ইতিহাসলৈকে সকলো গ্ৰন্থত পোৱা যায়, সেই আটাইবোৰ ইয়াত উল্লেখ কৰা নিষ্প্ৰয়োজন ভাবি ইমানতে এৰিলোঁ। যদি এনে বৰ্ণ-বিভাগত তোমাৰ বিশ্বাস আছে, তেন্তে তোমাৰ আৰু মোৰ জাত বেলেগ হ’ব নোৱাৰে; কাৰণ আমাৰ দুয়োৰে ভাৱ-চিন্তা, উদ্দেশ্য-অভিলাষ, ধৰ্ম্ম-কৰ্ম্ম একে ধৰণৰ, তেনেস্থলত আমাৰ জাত বেলেগ বুলি মানিবলৈ মই প্ৰস্তুত নহওঁ। যদি তুমি জন্মগত জাত বিশ্বাস কৰা তেন্তে মোৰ বিশেষ ক’বলৈ একো নাই; কিন্তু তেতিয়াও আমাৰ বিবাহ সমৰ্থন কৰা স্মৃতি-বচনৰ অভাৱ নহয়। মনুসংহিতা মেলিলেই পাবাঃ—

শ্ৰদ্দধানঃ শুভাং ৱিদ্যামাদদীতাৱৰাদপি।
অন্ত্যাদপি পৰং ধৰ্ম্মং স্ত্ৰীৰত্নং দুষ্কুলাদপি॥

-৩২২-