পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাবিৰ মাজত

দোকানৰ ওচৰত নাইবা আলিৰ দাঁতিত বাগিচাৰ কুলিয়ে বগৰা-বাগৰি আৰু মৰামৰিৰ অপূৰ্ব্ব অভিনয় দেখুৱায়। বাৰোৱাৰী পূজালৈ ভোলা ধনৰ সৰহ ভাগ ঢাকাঞা বা কলিকতীয়া বাইজী-দেৱীসকলৰ উপাসনাতেই ব্যয় হয়; পূজাপ্ৰায়ে পালমৰা বিধৰ হয়। এনে ধৰণৰ পূজাই আধ্যাত্মিক উন্নতি কাৰ কিমান কৰে জানিবৰ উপায় নাই, কিন্তু এই পূজাৰ প্ৰৱেশৰ পিচে পিচে অসমৰ ওপৰত শনিৰ দৃষ্টি পৰা যেন দেখা যায়। মোৱামৰীয়া বিদ্ৰোহ আৰু বিদ্ৰোহীৰ হাতত আহোম ৰাজ- শক্তিৰ পৰাজয়ৰ বাবে ফুলেশ্বৰী কুৱঁৰীৰ দুৰ্গা-পূজা নিতান্ত কম দায়ী নহয়। এই বিদ্ৰোহৰ ফলতেই অসম শক্তিহীন হয়, অসমলৈ বটিচ-সৈন্যৰ আগমন হয়, আৰু তাৰ লগে লগে অসমবাসীৰ ৰক্তশোষক কানিৰ প্ৰচলন আৰম্ভ হয়। আজিকালিও ই যাত্ৰা-থিয়েটাৰৰ পৰা আৰম্ভ কৰি খাবলৈ নোপোৱা দুখীয়ালৈকে সকলোকে ৰংচঙীয়া বিদেশী সাজ-পাৰ পিন্ধাই লাখ লাখ টকা চিৰকালৰ নিমিত্তে বিদেশীৰ হাতত তুলি দিয়ে, ধনীৰ পোতৰ টকাত হাত দিয়ায়, দুখীয়াৰ ধাৰৰ জোখ বঢ়ায়, শুঁড়ীক ধনী কৰে, আৰু বাইজীহঁতৰ কেইবামাহৰ খোৰাকি যোগায়। গৱৰ্ণমেণ্টৰ কৰ্ম্মচাৰীসকলেও এই পূজাৰ বাবে বহুত দিনৰ দৰমহা কাম নকৰাকৈ খাবলৈ পায়। যিবিলাক নিলগৰ পৰা আহি নগৰত কাম- কাজ কৰি থাকে, সেইবিলাকেও এই চলতে এবাৰ নিজ নিজ ঘৰত কেইদিনমান থাকি আহিব পাৰে।

 এইবাৰ পূজা কিছু আগতীয়া। আহিনৰ কুৰি দিন যোৱাতে দেৱীৰ আগমন হয়, সেইকাৰণে কাতিৰ প্ৰথম সপ্তাহতে ঘৰলৈ যোৱা কৰ্ম্ম চাৰী- সকল কৰ্ম্মক্ষেত্ৰলৈ ঘূৰি আহিব লগাত পৰে। ৰেল-জাহাজত মহা ভিৰ; নিতান্ত সৰল মানুহৰ পক্ষে ঠাই পোৱাই কঠিন। যিবোৰ ঠাইলৈ ৰেল-জাহাজ নচলে, তাত গৰুৰ গাড়ীয়েই মাত্ৰ অৱলম্বন।

 কাতিৰ দুদিনমান যোৱাতে এদিন এখন গৰুৰ গাড়ী সোণাপুৰ

—১৪৯—