পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দীনবন্ধুৰ আহুকাল

অকল ৰূপ-যৌৱনৰ উন্মাদনাৰ দ্বাৰা পৰিচালিত হৈ বিয়া কৰোৱা উচিত নহয়। এইবোৰ কাৰণতে মই কৈছিলো যে আত্মতৃপ্তি- পৰিচালিত যুৱক-যুৱতীৰ নিৰ্ব্বাচনৰ ওপৰত সংসাৰৰ অভিজ্ঞতা থকা অভিভাবকৰ অনুমোদন অতীব আৱশ্যকীয়। প্ৰকৃত শিক্ষিত আৰু জিতেন্দ্ৰিয় নহলে, নাইবা আধ্যাত্মিক প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত নহলে যুৱক-যুৱতীৰ পাৰ্থিব প্ৰেম বহুতো অনৰ্থৰ মূল নহৈ নোৱাৰে।

 আজি আৰু বেচি কথা নিলিখোঁ। আশা কৰোঁ, মোৰ কথাখিনি তুমি স্থিৰভাবে এবাৰ ভাবি চাবা। ইতি।

তোমাৰ শুভাকাক্ষী
 শ্ৰীদীনবন্ধু।

⸺১০৫⸺