পৃষ্ঠা:সম্ভৱতঃ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


শব্দ,
নৈঃশব্দ্য,
জীৱন


 ভীৰ হৈ আহে নৈঃশব্দ্য। কিছু জয়াল। মই উৎকৰ্ণ হৈ অপেক্ষা কৰো মোৰ ফালে আগবাঢ়ি অহা এটা শব্দৰ বাবে। কিন্তু নাই। প্ৰতীক্ষাৰ দুঃসহ সময়বোৰ অতিক্ৰম কৰি কোনো শব্দই আগুৱাই নাহে। ডিম লাইটৰ ঈষৎ নীলা পোহৰত পাকঘূৰণি খাই খাই বিস্তাৰিত হয় নৈঃশব্দ্যৰ ছাঁ আৰু মই ডুব যাওঁ। কোঠাটোৰ সকলো আচবাব, দেৱালৰ পেইণ্টিঙৰ ওপৰত উফৰি পৰে সেই প্ৰাচীন, শোকাকুল স্তব্ধতা। মোক গ্ৰাস কৰি ক্ৰমশঃ মোৰ অভ্যন্তৰৰ পৰাই মোৰ পাৰিপাৰ্শ্বিকতালৈ প্ৰসাৰিত হয় নৈঃশব্দ্য... এক দুঃসহ নিৰ্জনতা।...

 এনে এক সময় আছিল যেতিয়া একান্ত নিৰ্জন পৰতো আশ্চৰ্যকৰভাৱে শব্দময় হৈ উঠিছিল মোৰ সমগ্ৰ সত্তা। মই ঠন ধৰি উঠিছিলো। কাৰ লগত তুলনা কৰিব পৰা যায় শৰীৰৰ ভিতৰৰ সেই নিস্তৰংগ আলোড়নক— যি এটা ভ্ৰূণৰ ধাৰণৰ লগে লগে মৃদুভাৱে গুঞ্জৰিত হ’ব ধৰে গৰ্ভত আৰু চৌপাশক কৰি তোলে ধ্বনিময়! যেন নিৰ্জন শৈল দেৱালত প্ৰতিধ্বনিত হোৱা এটি পখীৰ কাকলি, যেন শুষ্ক মৰুৰ মাজত কোনো তৰংগিনীৰ প্ৰাণ-প্ৰৱাহৰ শব্দ! স্ফীত গৰ্ভত আজন্মা শিশুটিৰ ‘মুভমেণ্ট’ বাঢ়ি অহাৰ লগে লগে একলা একলাকৈ মই পূৰ্ণ হৈ উঠিছিলো। মোৰ ইচ্ছা-আকাংক্ষাৰ বিপুল জগতখন কেন্দ্ৰীভূত হৈছিলহি মোৰেই গৰ্ভত স্থিতি লোৱা এটি আজন্মা প্ৰাণত। আৰু আদিত্য! বুকুত সপোন আৰু সম্ভাৱনাৰ এখন পাহাৰ কঢ়িয়াবলৈ আৰম্ভ কৰিছিল তেওঁ। ...আৰু এদিন তুলাৰ দৰে কোমল, ঢক্‌ঢকীয়া কণমানি জীৱ এটিৰ কান্দোনে মোৰ তীব্ৰ প্ৰসৱ যন্ত্ৰণাক ম্লান কৰি পেলালে।

 বৰ উজ্জ্বল, সুন্দৰ আছিল সেইবোৰ মুহূৰ্ত। কোনো শিশু কণ্ঠৰ অস্ফুট উচ্চাৰণ পৃথিৱীৰ সকলো গানতকৈ সুমধুৰ হ’ব পাৰে, ইয়াৰ পূৰ্বানুমান মোৰ নাছিল। শিশুৰ কণ্ঠ নিঃসৃত অবুজ কল্‌কলনিবোৰে চৌপাশক ইমান শব্দময় কৰি তুলিব পাৰে— মই নাজানিছিলো। আৰু এদিন অপাৰ নিস্তব্ধতালৈ আমাক নিক্ষেপ কৰি, আমাৰ হৃদয়ৰ সমস্ত উজ্জ্বলতা সামৰি

লৈ, চৌপাশৰ সকলো সুৰ শব্দ বুটলি ‘হিয়া’ হঠাতে গুচি
সম্ভৱতঃ ● ৭৬