গ’ল। জ্বৰৰ প্ৰচণ্ড উত্তাপে দহি পেলোৱাৰ পাছত বৰফৰ দৰে শীতল হৈ পৰা হিয়াৰ নিষ্প্ৰাণ কণমানি শৰীৰটো সাবটি মৃত মানুহৰ দৰেই নিথৰ হৈ পৰিছিল আদিত্য। অশ্ৰু আৰু হু হু শূন্যতাত নিজকে হেৰুৱাই প্ৰথমবাৰৰ বাবে যিদিনা সামান্য প্ৰকৃতিষ্ঠ হৈছিলো—নিৰ্বাক আদিত্যই মোৰ মূৰত হাত থৈছিল। চেঁচা। নিষ্পন্দ হাত। তেওঁৰ চকুৰ মণিত এখন শ্মশান গজি উঠিছিল। ...মই দেখিছিলো।
আমাক আৱৰি থকা সকলো বস্তুৱেই যেন প্ৰচণ্ডভাৱে সলনি হৈ গ’ল। সকলোতে একধৰণৰ নিৰ্লিপ্তিৰ ছাঁ পৰিল। ড্ৰইংৰুমৰ চোফাবোৰ, দেৱাল উজ্বলাই ৰখা মনালিছাৰ ভুৱনভুলোৱা হাঁহিটো, মেহগনি কাঠৰ বহল বিছনাখন, হিয়াৰ বাবে বিশেষভাৱে অৰ্ডাৰ দি বনাই অনা কণমানি খাটখন— মৃত নগৰীৰ প্ৰাচীন ঐশ্বৰ্যৰ দৰে বৰ কৰুণভাৱে ইহঁত থিয় দি থাকিল৷ পাৰাপাৰহীন নৈঃশব্দত ডুবি ডুবি।
‘নাই নাই। ইমান নীৰৱতা সহ্য কৰা নাযায়।’ অতিষ্ঠ হৈ এদিন বিয়লি আদিত্যৰ দুহাত খামুচি ধৰিলো মই। বাহিৰত তেতিয়া সপ্ৰতিভ ৰ’দ। তেওঁ হাঁহিলে। বৰণহীন, নিঃশব্দ হাঁহি। বহুদিনৰ মূৰত আমি একেলগে বাহিৰলৈ ওলাই আহিলো। শীতত শীৰ্ণ হৈ পৰা লুইত আগৰ দৰেই বৈ আছে। সাৱলীল গতি। চিনাকি পাৰ্কখনত প্ৰায় দুবছৰৰ মূৰত ওচৰা-উচৰিকৈ বহিলো দুয়ো। সৰু সৰু নাওবোৰ উটি গৈছে। ঘোলা পানীত মাজে মাজে মেটেকা আৰু জাবৰৰ স্তুপ। সকলো স্বচ্ছন্দ। কোনো উখল-মাখল নাই।
‘কিবা কোৱা।’ তেওঁ ক’লে।
কি কোৱা যায়নো! পশ্চিম আকাশত বগা বগা ডাৱৰৰ চপৰা কেইটামান ওপঙি ফুৰিছে। সিহঁতৰ পিঠিত সুমথিৰা ৰ’দৰ আঁচোৰ। ঠায়ে ঠায়ে স্বৰ্ণাভ হৈ উঠিছে লুইতৰ পানী। মই মুখ ঘূৰালো। কিছুমান ‘পেয়াৰ’ খুব নিবিড় হৈ বহিছে। শকত, বগা, নীলা আলোৱান পৰিহিতা এক আধুনিকাৰ হাতত ধৰি তুলতুলীয়া শিশু এটি পাৰ্কখনলৈ সোমাই আহিল। ভদ্ৰ মহিলাৰ বাওঁহাতৰ কনিষ্ঠ আঙুলিত খামুচি ধৰি থুপুক্-থাপাক্কৈ খোজ কাঢ়িছে কণমানিটিয়ে। আনটো হাতত এটা বৃহদাকৃতিৰ পুতলা।
‘ধুনীয়া। নহয় নে?’ মই ক’লো। আদিত্যই এবাৰ মোৰ ফালে, তাৰ পাছত মোৰ দৃষ্টিক অনুসৰণ কৰি কণমানিটিৰ ফালে আৰু শেষত সুমথিৰাৰঙী ডাৱৰৰ চপৰাটোৰ ফালে চালে।
‘ওঁ। ধুনীয়া।’ তেওঁ আচলতে কাক ধুনীয়া বুলি ক’লে মোৰ বুজিবলৈ অসুবিধা হ’ল।
আদিত্যৰ হাতখন মোৰ দুহাতৰ মুঠিত লুকুৱাই মই শিশুটিৰ কলকলনি শুনিবৰ বাবে সজাগ হৈ ৰ’লো। লগে লগে মোৰ এক আচৰিত অনুভৱ হ’ল— কিবা যেন ভীষণ নিস্তব্ধতাই সকলোকে ছানি ধৰিছে। মানুহৰ খোজবোৰ, ওঁঠৰ কঁপনিবোৰ, আন্দোলিত গছ-পাতবোৰ আৰু নদীৰ স্নিগ্ধ সোণালী স্ৰোত— সকলো যেন ভয়ংকৰভাৱে শব্দহীন। কি এক গাঢ় নৈঃশব্দ্যই গ্ৰাস কৰি আনিছে সকলোকে! আনকি এই যে মোৰ নিচেই কাষতে বহি আছে আদিত্য— যাৰ প্ৰশ্বাস আৰু স্পন্দনৰ সৈতে মোৰ আত্মিক সম্পৰ্ক তেৱোঁ যেন নিমজ্জিত হৈ আছে সেই সুগভীৰ নৈঃশব্দ্যত। মোৰ ভয় লাগিল।
‘আদিত্য, আদিত্য। উঠা। ঘৰলৈ যাম।’ নিজৰ কণ্ঠই মোৰ কাণত অচিনাকি হৈ ধৰা দিলে। যেন নৈঃশব্দ্যৰ কোনো সুদৃঢ় প্ৰাচীৰত খুন্দা খাই মোৰ পৰাই পৃথক হৈ পৰিল মোৰেই