পৃষ্ঠা:সম্ভৱতঃ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকৰ হৈ পৰিছে। এসময়ৰ অৰ্থহীন, অতিক্ৰম কৰিব নোৱাৰা সময়বোৰ এতিয়া হৈ পৰিছে গভীৰ অৰ্থৱহ। জীৱনৰ দীপ্তিৰে উজ্জ্বল।

 পানীৰঙৰ ছবি এখন আঁকিবলৈ লৈ প্ৰয়াগ থমকি ৰয়। স্বচ্ছ পানীৰ দৰে স্বচ্ছ আছিল অদিতিৰ দুচকু। তাৰ ‘বিধ্বস্ত প্ৰকৃতি’, ‘নিঃসংগতা’, ‘অপেক্ষা’, ‘বোদন’ আৰু ‘শস্যৱতী’ শিৰোনামাৰ ছবিকেইখনৰ ওপৰত থমকি ৰৈ ৰৈ তাৰ চকুত স্থিৰ হৈ গৈছিল সেই দুচকুৰ স্বচ্ছতা। তাৰ পাছত এদিন সি সেই দুচকুত অলপ অস্থিৰতা দেখিছিল। তাৰ পাছত দেখিছিল এক অনুচ্ছাৰিত আকুতি। ৰিঙা ৰিঙা লগা এপ্ৰিল মাহৰ দুপৰীয়া এটাত তাৰ কণমানি, জধলা ষ্টুডিঅ’টো অদিতিয়ে থান-থিত লগাই দিছিল। স্নেহ আৰু কৃতজ্ঞতাত টলমল কৰি থকা তাৰ চকু দুটাত ওঁঠ লগাই আঁতৰি যাব খোজা অদিতিক বুকুৰ মাজলৈ টানি আনি সুধিছিল সি— ‘মই নোকোৱাকৈয়ে মোৰ মনৰ কথাবোৰ কেনেদৰে তুমি বুজি পাই যোৱা অদিতি?’ লাহে লাহে সি বুজি উঠিছিল সেই স্বচ্ছ দুচকুৰ ছোৱালীজনীৰ মমতাৰ ছাঁত কেনেদৰে সি ঠন ধৰি উঠিছে! তাৰ বুকুৰ কিমান গভীৰত প্ৰোথিত হৈছে তাইৰ ভালপোৱা, তাইৰ ব্যাকুলতাখিনিৰ শিপা।

 প্ৰয়াগৰ কষ্ট হয়। খুব কষ্ট হয়। অদিতি গুচি যোৱাৰ পাছতো কিয় বাৰু সি তাৰ কলিজাৰপৰা ‘অদিতি’ নামৰ ব্যাকুলতাৰ শিপাডাল উভালি পেলাব পৰা নাই।

 কামাখ্যা গে’টৰ কেঁচা মাটিৰ গোন্ধ বিলোৱা পাহাৰীয়া ৰাস্তাটোৰে বহুত দিনৰ মূৰত প্ৰয়াগ নগৰখনলৈ নামি আহিল। পাণবজাৰৰ বিয়লিৰ আড্ডা জমাই থকা নৱ, ৰাতুল, গুঞ্জনহঁত প্ৰয়াগক দেখি আনন্দত জঁপিয়াই উঠিল।

 কিহে শিল্পীবৰ—হুছেইন (মকবুল ফিদা হুছেইন) হোৱাৰ আখৰা চলিছেনে কি? ইমানদিন অন্তৰ্ধান হৈ থাকিল যে!’ নৱই বহি থকা চকীখন প্ৰয়াগক এৰি দিলে।

 ‘নে বিৰহ বেদনাত ক্লান্ত হৈ……..’

 গুঞ্জনৰ টেলেকা চকুলৈ চাই আৰম্ভ কৰা বাক্যটো আধাতে এৰি স্বৰূপে ঘেঁহাবলৈ ধৰিলে। প্ৰয়াগৰ ভাল লাগিছে। অসময়ত অসংলগ্ন কথা কৈ সকলোকে বিৰক্ত কৰা স্বৰূপৰ মাতলামিখিনি, আগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰা তাক লৈ হোৱা ৰাতুলহঁতৰ ব্যস্ততাখিনি তাৰ খুব ভাল লাগিছে।

 ‘তুমি বৰকৈ ক্ষীণাইছা। পৰিশ্ৰম বেছি হৈছে যেন পাইছো। খোৱা-বোৱা ভালদৰে কৰিবা।’ প্ৰয়াগৰ মুখলৈ চাই অন্যমনস্কভাৱে ৰাতুলে ক’লে।

 তাৰ পাছত পাণবজাৰৰ নৈমিত্তিক আড্ডাত সিহঁত হেৰাই গ’ল।

 আৰু……… আড্ডাৰ বিষয় ইৰাক, বিশ্বকাপ, পাক-ভাৰত সমস্যাৰ পৰা ঘূৰি ঘূৰি নবীন কবিৰ কবিতাত আৱৰ্তিত হ’বলৈ ধৰোঁতেই পাণবজাৰৰ অলি-গলিবোৰত ঘূৰি ফুৰা বাঁহী বাদকজনৰ বাঁহীৰ সুৰ ভাঁহি আহিল। প্ৰথমে এটি সৰু জুৰিৰ দৰে, তাৰ পাছত এখন গভীৰ কৰুণ প্ৰশস্ত নদীৰ আবেগেৰে সুৰটো তাৰ হৃদয় বিদীৰ্ণ কৰি ব’বলৈ ধৰিলে। ... কিয় ভাল লাগে এই আকাশ, পৃথিৱী, বতাহ —। চৰাইৰ কাকলি, ঋতুবোৰ, বন্ধুৰ আড্ডা, বাকীৰ দোকানৰ মালিকৰ তলব, মদ খাই হুলস্থূল কৰাৰ পাছত ভাৰাঘৰৰ মালিকৰ সকীয়নি— এই সকলোৰে ভাঁজে

ভাঁজে থুপ খাই থাকে জীৱনৰ প্ৰতি এৰিব নোৱাৰা মায়া। বাঁহীৰ মাত শুনিলে কিয় পৃথিৱীৰ

সম্ভৱতঃ ● ৫৪