সন্ধিক্ষণ
ঈষৎ হালধীয়া আৰু সেউজ ৰঙৰ সংমিশ্ৰণত খুব স্নিগ্ধ আৰু কোমল যেন লগা গোলাপ জোপাৰ কুমলীয়া পাত এটাৰ আগত এই সৰো, এই সৰোকৈ এটোপাল বৰষুণৰ পানী ৰৈ আছে। অলপ আগতে সন্মুখৰ ফুলনিখন তচনচ কৰি যোৱা বতাহ-বৰষুণজাকৰ স্বাক্ষৰ বহনকাৰী সৰু টোপালটো গোলাপৰ কুমলীয়া পাতটো সামান্য কঁপাই তললৈ সৰি পৰিল। তাৰ সন্মুখত থকা সৰু ফুলনিখন, তাৰ সিপাৰৰ দুমহলীয়া ঘৰটো, বাওঁফালে থকা মদাৰ দুজোপা আৰু ধোঁৱাবৰণীয়া আকাশ— সকলোকে সাবটি ল’লে এক সৰ্বগ্ৰাসী নিস্তব্ধতাই।
প্ৰয়াগে বুকুত হাত দি চালে। নাই। ঢুক্ ঢুক্ শব্দটোত জীৱন জীৱন লগা কোনো স্পন্দন নাই। হেঁপাহ নাই। সি লাহেকৈ বহাৰ পৰা উঠি আহিল।
বৰষুণত ভিজি থকা তাৰ সন্মুখৰ কেঁচা ৰাস্তাটোৰপৰা খুব চিনাকি অথচ স্মৃতি হ’ব খোজা গোন্ধ এটা বতাহত ওপঙি আহিছে। বৰষুণ আৰু মাটিৰ মিশ্ৰিত গোন্ধ। ভিজা মাটিখিনিত লিপিট খাই পৰি গোন্ধটো বুকুলৈকে উজাই ল’বলৈ তাৰ মন গ’ল। তৈলচিত্ৰ এখনত খুব জীৱন্ত কৰি গোন্ধটো আঁকিব লাগিব — সি ভাবিলে।
লাহে লাহে সন্ধ্যাই এন্ধাৰৰঙী আঁচল মেলি সন্মুখৰ গছ -বনবোৰ, পাহাৰীয়া পথটো, আকাশখন আৱৰি ধৰিলে। সন্ধ্যাৰ সেই নিস্তব্ধ পৃথিৱীখনৰ প্ৰতি অদ্ভুত মোহ এটা বুকুত লৈ প্ৰয়াগ লাহে লাহে খোজ কাঢ়ি সন্মুখলৈ গৈ থাকিল। তাৰ লগে লগে গৈ থাকিল ভিজা মাটিৰ সেই আপোন আপোন কৰুণ গোন্ধটো।
শীতত ঠেৰেঙা দি গ্ৰীষ্মৰ বাবে অপেক্ষা কৰা মানুহৰ বাবেও শীতৰ ঋতুৰ অন্তিম দিনকেইটা খুব মোহনীয় হৈ পৰে। ঠিক সেইদৰে গ্ৰীষ্ম যাবৰ পৰত মোহনীয় হৈ পৰে বৰগছৰ তলত জুৰ লৈ মৰা মেলবোৰ, ৰৌদ্ৰ-প্ৰখৰ দুপৰৰ পাছত সন্ধ্যাৰ শৰীৰ শাঁত পেলোৱা বতাহছাটি। ঠিক সেইদৰে যিবোৰ বস্তু প্ৰয়াগৰ বাবে অলপ দিনৰ আগতে কেৱল ছবিৰ উপজীব্য হৈ পৰিছিল, যিবোৰ কথা হৈ পৰিছিল নিৰ্লিপ্তিৰ নামান্তৰ —এতিয়া সেইবোৰেই অনন্য সৌন্দৰ্যৰ