পৃষ্ঠা:সম্ভৱতঃ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতি মোহ জাগে, মৰিবলৈ মন নাযায়।

 অথচ কিমান কাতৰতাৰে সি মৃত্যু কামনা কৰিছিল কেইটামান মাত্ৰ দিনৰ আগতে! শিলিগুৰিৰ পৰা অহা ট্ৰেইনৰ তলৰ চিট এটাত শুই শুই তৰাভৰা আকাশ চাই সি বহুবাৰ চলন্ত ট্ৰেইনখনৰ পৰা জঁপিয়াই দিয়াৰ কথা ভাবিছিল। অদিতিবিহীন জীৱন এটাৰ কথা কল্পনা কৰিব পৰা যায় জানো! সেই ৰাতি সি অদিতিৰ নতুন ৰূপ প্ৰত্যক্ষ কৰি উভতি আহিছিল। অদিতিয়ে ভালপোৱা অস্তাচলত ডুবিব ধৰা বেলিটোৰ দৰেই গোল, উজ্জ্বল ৰঙা সেন্দূৰৰ ফোঁট এটা অদিতিৰ সৰু কপালখনত জিলিকি আছিল। তাইৰ পোন সেওঁতা ডুবাই ৰখা সেন্দূৰখিনিয়ে ছুৰীৰ ধাৰ যেন হৈ তাৰ বুকুত ৰেপিছিল। আগতে কাণ, হাত, ডিঙি ক’তো অলংকাৰৰ পয়োভৰ নথকা কৃশ ছোৱালীজনী অলংকাৰৰ ভৰত সামান্য হাউলি পৰিছিল। ৰঙা পাটৰ কাপোৰ সাজেৰে অদিতিক তাৰ বলি দিবলৈ নিয়া ছাগলী এটাৰ দৰে লাগিছিল। হয়। ঠিক তেনে এক অসহায়তাৰ চামনিয়েই আৱৰি ৰাখিছিল শাহুৱেক আৰু নন্দেকৰ লগত বিবাহ অনুষ্ঠানত এটাত উপস্থিত থকা তাৰ চিনাকি ছোৱালীজনীক।

 সি একো নুসুধিলে অদিতিক। দিল্লীত কৰ্মশালা এখনত যোগদান কৰি মুম্বাই আৰু ত্ৰিবান্দ্ৰমত প্ৰদৰ্শনী দুখন অনুষ্ঠিত কৰি গুৱাহাটীলৈ উভতি আহোতে প্ৰয়াগৰ মাত্ৰ চাৰিমাহ সময় লাগিছিল। এই চাৰিটা মাহৰ ভিতৰতে কেনেকুৱা প্ৰচণ্ড অসহায়তাই অদিতিক তাৰ অস্তিত্ববিহীন পথ এটাৰে গতি কৰিবলৈ বাধ্য কৰালে তাৰ সোধা নহ'ল। তাইৰ স্বামীৰ কৰ্মস্থল শিলিগুৰিলৈ সেই উদ্দেশ্যৰেই যোৱা প্ৰয়াগে অদিতিক আঁতৰৰ পৰা হেঁপাহ পলুৱাই চাই তাইৰ সন্মুখত নোলোৱাকৈয়ে উভতি আহিল। ওৰে বাটটো ট্ৰেইনৰ খিৰিকীৰে আকাশৰ তৰা চাই চাই সি কান্দিছিল। বহুদিনলৈকে নিজকে পৃথিৱীৰ নিঃসংগতম ব্যক্তি বুলি অনুভৱ কৰিছিল সি। বৰ মৰ্মান্তিক, অসহ্যকৰ আছিল সেই উপলব্ধি। কিমান কাতৰভাৱে সি মৃত্যু কামনা কৰিছিল তেতিয়া। অথচ এতিয়া………!

 ন বজাত পাণবজাৰৰ আড্ডা ভাগিল। ৰাতুলে স্কুটাৰেৰে তাক তাৰ ঘৰলৈ যোৱা ৰাস্তাটোৰ সন্মুখত নমাই দিলে।

 নীলাচল পাহাৰৰ গাত লাইটৰ ভিন্নৰঙী উজ্জ্বলতা ছেগা-চোৰোকাকৈ এচাৰ খাই পৰিছে। কৃত্ৰিম পোহৰৰ এই বিন্যাস প্ৰয়াগৰ ভাল লাগিছে। পাহাৰৰ গাত ঠেকা খাই অহা বতাহখিনিয়ে বনৰীয়া ফুলৰ গোন্ধ অলপ কঢ়িয়াই আনিছে। বনৰীয়া ফুলৰ গোন্ধত ইমান মাদকতা থকাৰ কথা সি আগতে নাজানিছিল। কোঠাত সোমাই সি আধা অঁকা ছবিখনলৈ চালে। কুঁৱলীত বগা আঁচল হেৰাই যাব ধৰা এটা অস্পষ্ট অবয়ৱ। ‘এৱে এণ্ড এৱে’ শিৰোনামাৰ এই ছবিখনৰ বাবে সি দুহেজাৰ এটা এডভাঞ্চ লৈ থৈছে। ‘আৰু মাত্ৰ তিনিমাহ’, সি মুখৰ ভিতৰতে আওৰালে আৰু কামত লাগিল।

 নিশা তিনি বজাত ছবিখন সম্পূৰ্ণ হ'ল। সি তাৰ বাল্যবন্ধু তথা বৰ্তমান কেন্সাৰ ইনষ্টিটিউটৰ ডাক্তৰ হিমানে দিয়া দৰবকেইটা খালে আৰু বিছনাত পৰিল। পুৱতি নিশাৰ চিলমিল টোপনিৰ মাজতো তাৰ বুকুৱেদি গভীৰ নদী এখনৰ শান্ত আবেগেৰে পাণবজাৰত শুনা বাঁহীৰ সুৰটো বৈ থাকিল।

 ...এতিয়া নিশ্চিত মৃত্যুৰ বাবে অপেক্ষা কৰি কৰি পৃথিৱীৰ প্ৰেমত পৰা লিউকেমিয়া

সম্ভৱতঃ ● ৫৫